নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানত বুৰিল পশ্চিম ঢকুৱাখনাৰ মৌখোৱা লেচেৰাই পথ

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা গাওঁ পঞ্চায়ত অন্তগত লেচেৰাই ভেলুগুটি অঞ্চলৰ ৪/৫ খন গাঁৱৰ ৰাইজে বছৰৰ প্ৰথমটো বানতে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হোৱাত লোক নিৰ্মাণ বিভাগকেই জগৰীয়া কৰিছে ৷ ৰাজ্যৰ চৌদিশে বানৰ ভয়াবহতাই ভিন্ন প্ৰান্তত বিভিষিকা স্‌ষ্টি কৰি অহাৰ সময়তে আহাৰ মাহৰ সামান্য বানতে মুখ্যমন্ত্ৰী পকী পথ যোজনাৰ আচঁনিৰ অধিনত নিৰ্মাণ কৰা মৌখোৱা লেচেৰাই পথটোৰ ব্‌স্তিত অংশ পানীত বুৰ যোৱাত লেচেৰাই, ভেলুগুটি আদি অঞ্চলৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত নাৰক যান্ত্ৰনা ভোগ কৰিব লগা হৈছে ৷ বছৰ বছৰ ধৰি যাতায়তৰ নামত  আদিম যুগৰ ইতৰ প্ৰাণীৰ দৰে জীৱন সংগ্ৰাম কৰি অহা জনসাধাৰণে স্বাধীনতাৰ ৭৬ বছৰৰ পিছত মুখ্যমন্ত্ৰী পকী পথ আচঁনিৰ অধিনত এটা  সুচল পথৰ আশা কৰিছিল যদিও ঠিকাদাৰৰ হেমাহিৰ বাবেই সামান্য বানতে পথটো বুৰ যোৱাত পুনৰ টুলুঙা নাওৱেই যাতায়তৰ সম্বল হোৱাত গাওঁবাসীয়ে চৰকাৰী বিনামূলীয়া চাউল কেইটাৰ পৰাও বঞ্চিত হব লগা হৈছে ৷ যুগ যুগ ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যান্তনা ভোগ কৰি অহা ব্‌হত্বৰ অঞ্চলৰ  ৪/৫ খন গাওঁ ৰাইজৰ জীৱন জীবিকাৰ প্ৰতি লক্ষ্য ৰাখি যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ পৰিৱৰ্তন কামী ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আচঁনিৰ অধিনত সুচল পথৰ ব্যৱস্থা কৰিছিল যদিও ঠিকাদাৰে বাৰিষাৰ পুৰ্বেই  পথটোত সঠিক জোখত মাটি নেপেলোৱাৰ বাবেই প্ৰায় ৫০০ মিটাৰ অংশ সামান্য বানতে বুৰ যায় ৷ লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত  পৰিৱতনকামী ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই  নিৰ্মাণ কাৰ্য শুভ উদ্বোধন কৰা ৪ কিলোমিটাৰ দৈঘ্যৰ মৌখোৱা লেচেৰাই পথটো বিধায়ক গৰাকীৰ ঘনিষ্ঠ খান উপাধিৰ এজন ঠিকাদাৰে নিৰ্মাণকাৰ্য আৰম্ভ কৰি পথৰ কাষ সমুহ উপযুক্ত ভাবে চাফা নকৰাকৈ হাবি বন, গছৰ মুঢ়া আদিৰ ওপৰতে যধেমধে সামান্য মাটি পেলাই নিৰ্মাণ কাৰ্য আৰম্ভ কৰে যদিও পথটোত মাটিৰ পৰিমাণ কম হোৱাত সামান্য বানতে বুৰ যোৱাত পানীৰ সুতত পথটো টুকুৰা টুকুৰ হৈ পৰাত বানৰ পিছতো যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগৰ সন্মুখিন হোৱাৰ আশংকাত ক্ৰস্তমান গঞাই পথটোত একাধিক কালভাৰ্ট নিৰ্মাণ কৰি উপযুক্ত ভাবে সথিক জোখত পথ নিৰ্মাণ কৰি মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আচঁনিৰ সফল ৰূপায়ণৰো দাবী জনাই এই ক্ষেত্ৰত ৰাজ্যৰ জনদৰদী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতক্ষ্য হস্তক্ষেপৰো দাবী জনাইছে ভুক্তভোগী জনসাধাৰণে ৷

 

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like