নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত বানপীড়িতক বান সাহায্য প্ৰদান গ্ৰাম্য বিকাশ মঞ্চৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ জুলাইঃ আজি বৰপেটা জিলাত গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত ডোনেট কাৰ্টৰ সহযোগত আৰু এমাজনৰ অৰ্থসাহাৰ্য্যত বৰপেটাস্থিত বোগছৰা, ৰঙিয়া নদীৰ পাম, বেছিমাৰী গাঁৱত ১২৫টা বানপীড়িত পৰিয়ালৰ মাজত কীট বিতৰণ কৰা হয়।এই কীটত ২খন টাৰ্পলিন (এখন ১২×৯ আৰু আনখন ১৮×১২ জোখৰ) আৰু কিছু ৰছী। এই কীটসমূহ মূলতঃ গৰ্ভৱতী, প্ৰসূতি মাতৃ, বিশেষভাৱে সক্ষম বানপীড়িত লোকৰ মাজত বিতৰণ কৰা হয়। এই ক্ষণতে বৰপেটা জিলাৰ উক্ত অঞ্চলটোৰ ৰাইজে গ্ৰাম্য বিকাশ মঞ্চৰ লগতে ডোনেট কাৰ্ট আৰু এমাজনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনবোৰত যাতে এনেদৰে ভাল কাম কৰি আগবাঢ়ি যাব পাৰে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনায়।

You might also like