নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানত ক্ষতিগ্ৰস্ত বাসগৃহৰ তালিকা পৰীক্ষণৰ বাবে ধুবুৰী জিলা ভ্ৰমণ মন্ত্ৰী অশোক সিংঘালৰ

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ শেহতীয়া বানত হোৱা ক্ষয়ক্ষতিৰ বুজ লোৱা আৰু ক্ষতিগ্ৰস্থ বাসগৃহ সন্দৰ্ভত জিলা প্ৰশাসনে প্ৰস্তুত কৰা তালিকাৰ যাদৃচ্ছিক পৰীক্ষণৰ বাবে ধুবুৰী জিলালৈ অহা অসম চৰকাৰৰ জলসিঞ্চন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ দুদিনীয়া ভ্ৰমণসূচীৰ আজি সফল ভাৱে অন্ত পৰে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ধুবুৰী জিলালৈ অহা মন্ত্ৰী সিংঘালে যোৱাকালি বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত বানত হোৱা ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰে৷ আজি পুৱা বিলাসীপাৰা মহকুমাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছত দুপৰীয়াৰ ফালে তেওঁ জিলাখনৰ সদৰ ধুবুৰীত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে পোনে পোনে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আদাবাৰী, মতিৰচৰ অঞ্চলত উপস্থিত হৈ সাম্প্ৰতিক বানেত ক্ষতিগ্ৰস্থ হোৱা গৃহসমূহ পৰ্য্যবেক্ষণ কৰে৷ তাৰপিছত দুপৰীয়া ১২ বজাৰ পৰা মন্ত্ৰীগৰাকীয়ে ধুবুৰীস্থ জিলা উপায়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত বানত হোৱা ক্ষয়ক্ষতি সন্দৰ্ভত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে৷ এই বৈঠকখনত ৰাজ্যিক পৰ্যায়ৰ ৫জনীয়া আৰু জিলা পৰ্যায়ৰ ৫০ জনীয়া দলে বানত ক্ষতিগ্ৰস্থ বাসগৃহ সন্দৰ্ভত ইতিপূৰ্বে প্ৰস্তুত কৰা তালিকা পৰীক্ষণ কৰি লাভ কৰা তথ্য মন্ত্ৰীগৰাকীক দাখিল কৰে৷ আজিৰ এই পৰ্য্যালেতনা বৈঠকখনত ধুবুৰী জিলা উপায়ুক্ত আনবামুথান এম পি, জলসিঞ্চন বিভাগৰ সচিব পবিত্ৰ খাউণ্ড, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিবানী, অতিৰিক্ত উপায়ুক্তদ্বয় নিত্য বিনোদ ৱাৰী আৰু মানস শইকীয়া প্ৰমুখ্যে চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, ধুবুৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়ববীয়া-কৰ্মচাৰীসকলকে ধৰি বিলাসীপাৰা পূৱ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী উপস্থিত আছিল৷ উল্লেখ্য যে, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালে ধুবুৰী জিলাৰ ছয়খন পৌৰসভাৰ বিষয়ববীয়াৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ সেই আটাইকেইখন পৌৰসভাৰ বমাষ্টাৰপ্লেন প্ৰস্তুত কৰাৰ ওপৰত বিশদ ভাৱে আলোচনা কৰে। বৈঠকখনত জাবৰ নিষ্কাষন, পানীযোগান আঁচনি, ষ্ট্ৰীট লাইট আদি বিভিন্ন বিষয়ৰ ওপৰতো আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, বিলাসীপাৰাৰ পৰা ধুবুৰীলৈ অহাৰ সময়ত বগৰীবাৰীৰ ঐতিহ্যমণ্ডিত মা মহামায়া মন্দিৰ দৰ্শন কৰি সেৱা আগবঢ়ায় তেওঁ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like