বিশেষ বাৰ্তা, ২২ জুনঃ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি সংবাদমেল সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। উজনি অসমত বানপানীৰ প্ৰকোপ বহু পৰিমাণে হ্ৰাস হোৱা দেখা গৈছে। বিগত ৪৫ বছৰে দেখি আহিছো ধেমাজি জিলাত বানপানী নোহোৱাকৈ কেতিয়াও থকা নাই। চলিত বৰ্ষত ধেমাজি জিলাৰ পৰা বানপানী হোৱাৰ খবৰ অহা নাই। বিগত বৰ্ষসমূহত মৰিগাওঁ জিলাতো বানপানী নোহোৱাকৈ থকা নাই। এই মুহূৰ্তলৈকে মৰিগাঁৱৰ পৰাও বানপানীৰ খবৰ অহা নাই। মাজুলী, শদিয়াৰ পৰাও বানপানীৰ খবৰ এতিয়ালৈকে অহা নাই। ওদালগুৰি, তামুলপুৰ, বজালী, বাক্সাত কিছু পৰিমাণে বানপানী হৈছে। এতিয়ালৈকে জলসম্পদ বিভাগৰ তিনিটা মথাউৰি চাৰিটা স্থানত ভাঙিছে। বৰমা সমষ্টি, নাওবৈচা সমষ্টিত এটাকৈ স্থানত মথাওৰি ভঙাৰ লগতে যোৱা নিশা বজালী জিলাৰ ভৱানীপুৰ সমষ্টিৰ পহুমৰাত একেটা মথাওৰিতে দুটা স্থানত বানপানীৰ প্ৰকোপত মথাওৰি ভঙাৰ কথা সংবাদমেল যোগে প্ৰকাশ কৰে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই। শেহতীয়াকৈ পহুমৰালৈ বানপানী পৰিদৰ্শন কৰিবলৈ যোৱাৰ কথা প্ৰকাশ কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। বানপানী নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি কৃতিত্ব নলওঁ এনেদৰে মন্তব্য কৰি তেওঁ কয় যে, প্ৰকৃতিৰ লগত যুজাটো ইমান সহজ নহয় তথাপিও আগতকৈ বানপানীৰ প্ৰকোপ যথেষ্ট কমিছে। যিকেইটা মথাউৰি ছিগিছে আটাইকেইটা পুৰণি মথাউৰি বুলি প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। নতুনকৈ নিৰ্মাণ কৰা মথাউৰি এতিয়ালৈকে কোনো স্থানত ভঙা নাই বুলি সংবাদমেলত কয় মন্ত্ৰীগৰাকীয়ে। বানপানী নিয়ন্ত্ৰণৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে দিনে-নিশাই কাম কৰি থকাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। তেওঁলোকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ বাবেই মথাউৰি ভঙাৰ প্ৰৱণতা যথেষ্ট কমিছে। আগন্তুক বৰ্ষত বহুকেইখন নদীৰ বানপানী প্ৰতিৰোধৰ বাবে নতুন চিন্তাধাৰাৰে মথাউৰি নিৰ্মাণ কৰাৰ লগতে শ্লুইচ গেট নিৰ্মাণ কৰাৰ কথা সংবাদমেলত প্ৰকাশ কৰে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই।