নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলমগ্ন নলবাৰী চহৰ : শিক্ষানুষ্ঠানত পাঠদানত জন্মিছে ব্যাঘাত

নিয়মীয়া বাৰ্তা, ১৮  জুনঃ জলমগ্ন হৈ পৰিছে নলবাৰী চহৰ। বিগত তিনি-চাৰিদিন ধৰি  হোৱা  বৰষুণত  চহৰখনৰ আটাইকেইটা পথত একাঠু পানী হৈছে। বিশেষকৈ নৰ্দমা সমুহৰ বিসংগতিৰ বাবে বৰষুণৰ পানী ওলাই যাব নোৱাৰা অৱস্থা হৈছে। বিশেষকৈ কদৰ্যময় পৰিবেশৰ সৃষ্টি হৈছে নলবাৰী চহৰৰ প্ৰতিটো ৱাৰ্ডৰ পথসমুহ। শিক্ষানুষ্ঠান সমুহত সুমাইছে পানী। পাঠদান জন্মিছে ব্যাঘাত। অতি পুৰণি শিক্ষানুষ্ঠান দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখভাগ একাঠু পানীৰ তলত ।গৰিমামণ্ডিত শিক্ষানুষ্ঠান খনৰ সন্মুখভাগত বছৰ বছৰ ধৰি উদ্ভৱ হোৱা কৃত্ৰিম বানপানী ৰোধৰ বাবে ৰাজ্য চৰকাৰ,জিলা প্ৰশাসন তথা নলবাৰী পৌৰসভাই কোনো ব্যৱস্থা হাতত নোলোৱাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ তথা বিভিন্ন দল-সংগঠন। উল্লেখ্য যে, পূৰ্বৰ বিধায়ক অশোক শৰ্মাই জিলা উপায়ুক্তৰ উপস্থিতিত এছঅ’পিডি-ওডিএচ আঁচনিৰ অধীনত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ ৰাষ্টাৰ কাষৰ প্ৰস্তাৱিত ‘কভাৰ্ড পাক্কা ড্ৰেইন’ৰ আধাৰশিলা স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত নলাৰ কিছু কাম হ’ল যদিও আজিকোপতি সেয়া সম্পূৰ্ণ নহ’ল । ফলশ্ৰুতিত এতিয়া এজাক বৰষুণ দিলে পথত পানী উপচি পৰে। বিগত কেইদিনত হোৱা বৰষুণতো পথৰ ওপৰত পানী উপচি পৰিছে। ইয়াৰ ফলত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগীয়া পৰিস্থিতিৰ সূচনা হৈছে। এইক্ষেত্ৰত জিলা প্ৰশাসন,পৌৰসভাই চকুমুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে । চহৰ খনৰ গৰ্ডণ স্কুলৰ সন্মুখৰে যোৱা পথ , দুৰ্গা মন্দিৰৰ কাষৰে যোৱা পথ , পল্লা ৰোড , চ’ক বজাৰ , হাজো ৰোড, বৰমা ৰোড , কলেজ ৰোড আদি একাঠু পানীৰ তলত। সত্ৰ এম ভিৰ সন্মুখ ভাগ, খাৰজাৰা, কাজিপাৰা, বিদ্যাপুৰ, জাপাৰজুছি আদি সকলো পথ পানীত বুৰ গৈছে । চহৰ খন অবস্থিত প্ৰায়ভাগ কাৰ্যালয়তে পানী উঠা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতি আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাস আৰু সাধাৰণ সম্পাদক যোগেশ কলিতাই মন্ত্ৰী তথা নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক অতি শীঘ্ৰে নলবাৰী চহৰৰ পানী নিষ্কাশনৰ ব্যৱস্থা বিজ্ঞান সন্মত ভাৱে কৰাৰ আহ্বান জনায় লগতে চহৰৰ ওচৰৰ প্ৰাকৃতিক জলধাৰাৰ সতে নলা-নৰ্দমা সমূহ সংযুক্ত কৰাৰ যাৱতীয় দিশ সমূহ ক্ষীপ্ৰতাৰে পৰ্যালোচনা কৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহনৰ দাবী জনায়।অন্যথা ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ প্ৰদান কৰে। ইপিনে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই ও আধৰুৱা কাম শীঘ্ৰে সম্পূৰ্ণ কৰি,বিজ্ঞান সন্মত ভাৱে পানী নিস্কাশনৰ ব্যৱস্থা কৰি যাতায়তৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে। বিশেষকৈ পৌৰসভাৰ নিৰ্দেশত নিৰ্মাণ কৰি থকা নলা-নৰ্দমা সমুহৰ বিসংগতি আৰু আধৰুৱা হৈ থকা বাবে এনে পৰিস্থিৰ সৃষ্টি হৈছে বুলি ৰাইজে অভিযোগ তুলিছে।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like