বিশেষ বাৰ্তা, ৬ অক্টোবৰঃ ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা হঠাৎ বানপানীয়ে উত্তৰ-পূবৰ ছিকিম ৰাজ্যত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি নিৰাপত্তাৰক্ষীত নিয়োজিত সেনা জোৱানলৈকে ইয়াৰ ফলত বেয়াকৈ প্ৰভাৱিত হয়। ইয়াৰ পিছতো সেনাই সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হৈছে। এতিয়ালৈকে এই ভয়ানক বানত ৪০জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। এতিয়া এই বানত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ লোকক হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰাৰ পৰিকল্পনা কৰিছে সেনাই। ক্ৰমাৎ বৃদ্ধি পোৱা বানপানীৰ প্ৰাদুৰ্ভাৱৰ বাবে ছিকিম চৰকাৰে আন এটা হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ উপৰি ছিকিম ভ্ৰমণলৈ অহা পৰ্যটকৰ বাবে বিশেষ পৰামৰ্শও জাৰি কৰা হৈছে। সম্ভৱ হ’লে কিছু সময়ৰ পাছত ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ চৰকাৰে অনুৰোধ জনাইছে পৰ্যটকসকলক। বানপানীৰ বাবে সেনা শিবিৰৰ পৰা বিস্ফোৰক আৰু গোলাবাৰুদ জাহ যোৱাৰ সম্ভাৱনা আছে বুলি সকীয়াই দিছে চৰকাৰে। এই কাৰণে আৰু সুৰক্ষাৰ কাৰণে এতিয়াৰ বাবে আপোনাৰ ভ্ৰমণ পৰিকল্পনাত বিলম্ব কৰক। ছিকিম প্ৰশাসনে লাচেনৰ সমীপৰ শ্বাকো চো হ্ৰদ ফাটি যোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এই আশংকাৰ বাবেই প্ৰশাসনে কাষতে বসবাস কৰা লোকসকলক অঞ্চলটোৰ পৰা উলিয়াই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ছিকিমৰ মুখ্য সচিবে কয় যে লাচেন আৰু লাচুঙত আবদ্ধ হৈ আছে ৩ হাজাৰৰো অধিক লোক। কেৱল এয়াই নহয়, দুঃসাহসিক কৰ্মৰ প্ৰতি আকৰ্ষিত বৃহৎসংখ্যক বাইকাৰো আৱদ্ধ হৈ পৰিছে। তেওঁলোকৰ সংখ্যা প্ৰায় ৩১৫০জন। তেওঁ কয় যে সেনা আৰু বায়ুসেনাই হেলিকপ্টাৰৰ সহায়ত সকলোকে উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছে। ভয়াৱহ বানত বহু জোৱান নিৰুদ্দেশ হৈছে, যাৰ বাবে তীব্ৰ অনুসন্ধান চলোৱা হৈছে। উত্তৰ ছিকিমৰ চুংথাং, লাচুং আৰু লাচেনৰ ক্ষতিগ্ৰস্ত অঞ্চলত আৱদ্ধ নাগৰিক আৰু পৰ্যটকসকলক চিকিৎসা সাহায্য আৰু টেলিফোন সংযোগ আদি প্ৰদানৰ বাবে ত্ৰিশক্তি কৰ্পছৰ জোৱানসকলে কাম কৰি আছিল যদিও বানপানীৰ পিছৰে পৰা এই জোৱানসকল সন্ধানহীন হৈ আছে। এন এইচ পি চিৰ জলবিদ্যুৎ কেন্দ্ৰটোও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰী মালিকানাধীন জলবিদ্যুৎ কোম্পানী এন এইচ পি চিয়ে অতি সোনকালে এই উদ্যোগসমূহ পুনৰ আৰম্ভ কৰাৰ চেষ্টা আৰম্ভ কৰিছে। আকস্মিক বানপানীৰ পিছত ক্ষতিগ্ৰস্ত তিস্তা বেচিনত শক্তি মন্ত্ৰালয়ে তীক্ষ্ণ নজৰ ৰাখিছে। মন্ত্ৰালয়ে জনোৱা মতে, বানপানীৰ পানী কমি যোৱাৰ পিছত ছিকিমৰ জলবিদ্যুৎ প্ৰকল্পৰ ক্ষতিৰ সম্যক মূল্যায়নো কৰিব। আকস্মিক বানত ৰাজ্যৰ ১১খন দলঙৰ বৃহৎ ক্ষতি হৈছে। ইয়াৰে বিশেষকৈ মংগন জিলাৰ ৮খন দলং, নামচিৰ দুখন আৰু গাংটকৰ এখন দলং ক্ষতিগ্ৰস্ত হৈছে। কেৱল এয়াই নহয়, চাৰিখন জিলাত পানীৰ পাইপলাইন, নলা-নৰ্দমাৰ লাইন আৰু ২৭৭টা ঘৰো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। উত্তৰ ছিকিমৰ এন ডি আৰ এফৰ প্লাটুনে স্থানীয় বাসিন্দাসকলক উলিয়াই অনাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কয় যে এই দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সকলো সংস্থাই একেলগে কাম কৰি আছে। দিনে নিশাই কাম কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ প্ৰয়াস কৰা হৈছে। বানাক্ৰান্ত অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবেও কাম কৰা হৈছে।