নিয়মীয়া বাৰ্তা, ১ জুলাইঃ প্ৰায় তিনি সপ্তাহ ধৰি লালী, ব্ৰহ্মপুত্ৰ আদি বিভিন্ন নদ-নদীৰ বানপানীয়ে জোনাই ৰাজহ চক্ৰৰ চৰ চাপৰি অঞ্চলৰ পথাৰ, ঘাঁহ বনবোৰ বুৰাই পেলায়। নদীৰ বাঢ়নী পানীয়ে পথাৰ, ঘাঁহনী, বননিবোৰত বালি পলসেৰে বোকাময় কৰি পেলোৱাৰ জোনাই ৰাজহ চক্ৰৰ গালী চিকাৰীৰ মুনিমুনি কুটুম, তল মামৰ, দক্ষিণ মামৰ, মাঝিআলি, লাইমেকুৰীৰ সীতাৰাম চাপৰি, জাউঘূলী আদি চৰ চাপৰি অঞ্চলৰ অৰ্ধশতাধিক গৰু মহৰ খুটিৰ শ শ পশু ধনৰ মাজত তীব্ৰ খাদ্য সংকটত পৰিছে ।বানৰ কৱলত পৰা চৰ চাপৰি অঞ্চলৰ গৰু ম’হৰ খুঁটিবোৰৰ পশু ধনবোৰ কেবাদিনো ধৰি ভোকে লঘোনে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
পশু পালকসকলে ঘাঁহ তথা খাদ্য যোগানৰ ব্যৱস্থা লব নোৱাৰাৰ ফলত পশু ধনৰ মাজত স্বাস্থ্যৰ অৱনতি হ’বলৈ ধৰিছে বুলি পশুপালকে জানিবলৈ দিছে । জোনাই মহকুমা প্ৰশাসনে বানপীড়িত ৰাইজক বান সাহাৰ্য্য প্ৰদান কৰিছে যদিও পশু খাদ্য যোগান ধৰা নাই। ইপিনে আজিও পুনৰ লালী, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাত জোনাই ৰাজহ চক্ৰৰ নৈপৰীয়া গাওঁ সমূহৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।