নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃ এশিঙীয়া গঁড়ৰ ৰম্যভূমি হিচাপে বিশ্বপ্ৰসিদ্ধ পবিতৰা অভয়াৰণ্যৰ বানপৰিস্থিতি আজিও অপৰিৱৰ্তিত অৱস্থাত আছে। প্ৰায় ৮০ শতাংশ এলেকা প্লাৱিত হোৱাৰ বাবে ইতিমধ্যেই স্থানান্তৰিত কৰা হৈছে বিভাগীয় হাতীসমূহ। এই ভয়াৱহ বানৰ মাজতে পবিতৰাৰ জীৱকুলক আশ্ৰয় প্ৰদান কৰিছে দুটাকৈ “হাইলেণ্ড” এ। ইতিমধ্যে গঁড়-মহৰ লগতে অন্যান্য জীৱ- জন্তুই নিৰাপদ ওখ স্থানলৈ ঢাপলি মেলিছে। মৰিগাঁও জিলা গ্ৰামোন্নয়ন বিভাগে পবিতৰাত ২০১৭-১৮ বিত্তীয় বৰ্ষত মায়ং পঞ্চায়তৰ পৰা এটা আৰু কুৰাণীবড়ী গাঁও পঞ্চায়তৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষত নিৰ্মাণ কৰা আন এটা হাইলেণ্ড তথা ওখ ঠাই এতিয়া বন্যপ্ৰাণীসমূহৰ নিৰাপদ আশ্ৰয়স্থল ৰূপে পৰিগণিত হৈছে । তাৰ মাজতে বনকৰ্মীসকলে বন্য প্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ হাত নাৱেৰে নিজৰ কৰ্তব্য পালন কৰিছে। স্মৰ্তব্য যে গ্ৰামোন্নয়ন বিভাগে এই ওখ ভেটি সমূহ নিৰ্মাণ কৰাৰ পাছৰে পৰা পূৰ্বৰ তুলনাত বানৰ সময়ত জীৱ-জন্তুৰ মৃত্যুৰ হাৰ কমা পৰিলক্ষিত হৈছে। উল্লেখ্য, পূৰ্বতে বানৰ কবলত পৰা অভয়াৰণ্যৰ গঁড়কে ধৰি অন্যান্য জীৱকুল ওখ স্থানৰ সন্ধানত বাহিৰলৈ ওলাই যোৱাৰ ফলত বানপানীত উটি গৈ মৃত্যুমুখত পৰিছিল । কিন্তু সম্প্ৰতি এই হাইলেণ্ড সমূহ অভয়াৰণ্যখনৰ জীৱকুলৰ ত্ৰাণকৰ্তা হিচাপে পৰিগণিত হৈছে। ফলস্বৰূপে এতিয়ালৈ কোনো জীৱ জন্তুৰ মৃত্যু বাতৰি পোৱা নাই। আনহাতে দুই -এদিনত পবিতৰাৰ বান পৰিস্থিতি উন্নত নহ’লে খাদ্য সংকটে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
প্ৰেৰক হৰি প্ৰসাদ মল্লিক