নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিডিঅ’ কনফাৰেন্সিঙেৰে বান প্রস্তুতিৰ পর্যালোচনা মুখ্যমন্ত্রীৰ

✅বান প্রস্তুতি-সঁহাৰি ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ উপায়ুক্তক নির্দেশ।
✅নির্মাণৰ উদ্দেশ্যে খন্দা পথৰ সকলো গাঁত বন্ধ বা বেৰিকেড লগাব লাগিবঃ মুখ্যমন্ত্রী
✅পথত থকা যিকোনো গাঁতৰ অৱস্থিতি সম্পর্কে বাসিন্দাসকলে যাতে প্রশাসনক অৱগত কৰিব পাৰে তাৰ বাবে প্রতিখন জিলাত ফোন নম্বৰৰ ব্যৱস্থা গ্রহণৰ নির্দেশ।
বিশেষ বাৰ্তা, ১১ জুনঃ আগন্তুক বাৰিষাৰ সময়ছোৱাত বৰষুণৰ ফলত হব পৰা বানপানীৰ সম্ভাৱনীয়তাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি উপায়ুক্ত আৰু ৰাজ্য প্রশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভিডি কনফাৰেন্সিংযোগে এক বৈঠকত মিলিত হয়৷ ভিডিঅ কনফাৰেন্সিঙৰ সময়ত মুখ্যমন্ত্রীয়ে বান প্রস্তুতি আৰু সঁহাৰি ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ উপায়ুক্তসকলক নির্দেশ দিয়ে৷ আজি জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয় কক্ষৰ পৰা ভিডি কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্রীয়ে কয় যে বাৰিষাৰ বৰষুণৰ ফলত হব পৰা বানপানীৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ, ৰাষ্ট্রীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম, ৰাষ্ট্রীয় দুর্যোগ সঁহাৰি বাহনী আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণকে ধৰি সকলো চৰকাৰী বিভাগকে সজাগ হৈ থাকিবলৈ নির্দেশ প্রদান কৰে যাতে বানক্ষতিগ্রস্ত লোকসকলক সকলো ধৰণৰ সহায়–সহযোগিতা আগববাব পাৰে৷ মুখ্যমন্ত্রীয়ে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান সচিব জ্ঞানেন্দ্র দেৱ ত্রিপাঠীক ডিমা হাছাওৰ দৰে বানপানীৰ সম্ভাৱনা থকা জিলাসমূহত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানসকলক  আগতীয়াকৈ প্রস্তুত হৈ থকাৰ দিশত প্রয়োজনীয় ব্যৱস্থা লবলৈ কয়৷ তেওঁ বানপানীৰ সম্ভাব্য পৰিস্থিতি সম্পর্কত জনসাধাৰণক সজাগ কৰি তুলিবলৈ অসম ৰাজ্যিক দুর্যোগ্য ব্যৱস্থাপনা প্রাধিকৰণক প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়াৰ লগতে আগতীয়া সতর্কবাণী ব্যৱস্থা সক্রিয় কৰিবলৈও কয়৷ বানপানী প্রভাৱিত দ অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক সাহায্য শিৱিৰ স্থাপন আৰু সাহায্য বিতৰণ সুশৃংখলিত কৰিবলৈ বান সাহায্য বিতৰণ কেন্দ্রসমূহো স্থাপনৰ দিশতো আগতীয়া প্রস্তুতি সম্পূর্ণ কৰিবলৈ কয়৷ মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক যোৱা বছৰ মথাউৰি ভঙা অংশসমূহ পৰিদর্শন কৰি বিপদসংকুল স্থানসমূহ চিনাক্ত কৰি সেই অনুসৰি প্রয়োজনীয় সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈও কয়৷ তেওঁ লগতে উপায়ুক্তসকলক বিপদসংকুল মথাউৰিৰ কাষত জিঅ বেগ পর্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈও নির্দেশ দিয়ে৷ বানপানীৰ সময়ছোৱাত যাতে শীঘ্রে বানসাহায্য বিতৰণ কৰিব পৰা যায় তাৰ বাবে পর্যাপ্ত খাদ্য, পশুখাদ্য মজুত ৰখাৰ সম্পর্কত আগতীয়াকৈ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ কয়৷ তদুপৰি যোৱা বছৰ কাছাৰ জিলাত মথাউৰি ক্ষতিগ্রস্ত হোৱাৰ পৰিপ্রেক্ষিতত শিলচৰ চহৰ ইয়াৰ পাৰ্শ্বৱর্তী অঞ্চলসমূহত বানে সৃষ্টি কৰা বিপর্যয়ৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে মথাউৰিসমূহৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে কোনো অসাধু চক্রই যাতে মথাউৰিসমূহ ক্ষতিগ্রস্ত কৰিব নোৱাৰে সেই দিশতো প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈও উপায়ুক্তসকলক নির্দেশ দিয়ে৷ বানক্ষতিগ্রস্ত এলেকাত চিকিৎসাজনিত সমস্যা সমাধানৰ বাবে চিকিৎসক আৰু ঔষধৰ পর্যাপ্ততাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক নিজ নিজ জিলাৰ বাবে বৈঠক অনুষ্ঠিত কৰি এই সন্দর্ভত পৰিকল্পনা প্রস্তুত কৰিবলৈ কয়৷ মুখ্যমন্ত্রীয়ে শিৱিৰত থকা লোকসকলৰ জৰুৰীকালীন চিকিৎসাৰ প্রতি লক্ষ্য ৰাখি সাহায্য শিৱিৰসমূহত চিকিৎসক আৰু নার্চ উপলব্ধ কৰাৰ দিশত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈও নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে কামৰূপ মহানগৰ জিলাৰ ৩৮২ টা ভূমিস্খলন প্রৱণ এলেকাত অহৰহ চোকা দৃষ্টি ৰখাৰ লগতে প্রৱল আৰু অৱিৰত বৰষুণ হৈ থাকিলে প্রয়োজনসাপেক্ষে ইয়াৰ প্রতিকাৰমূলক ব্যৱস্থা লোৱাৰ বাবেও উপায়ুক্তগৰাকীক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহালক সমগ্র মহানগৰখনৰ নলা–নর্দমাসমূহ নিয়মীয়াকৈ পৰিষ্কাৰ কৰিবলৈ কয় যাতে বালি আৰু জাৱৰৰ ফলত পানী প্রৱহনত কোনো ধৰণৰ বাধাৰ সৃষ্টি হব নোৱাৰে৷ মুখ্যমন্ত্রীয়ে মহানগৰীৰ কেইবাটাও অঞ্চলত থকা পানী নির্গমন পাম্পৰ স্থিতি সম্পর্কতো বুজ লয়৷ ভিডিঅ কনফাৰেন্সিঙৰ সময়ত মুখ্যমন্ত্রীয়ে প্রতিগৰাকী উপায়ুক্তকে নির্মাণৰ উদ্দেশ্যে খন্দা গাঁত সমূহ অগ্রাধিকাৰৰ ভিত্তিত পুতি পেলাবলৈ কয়৷ তেওঁ কয় যে নির্মাণৰ উদ্দেশ্যৰে যদি কোনো গাঁত পূর্ণ কৰিব নোৱাৰি তেন্তে গাতবোৰৰ বাহিৰত বাঁহৰ বেৰিকেডেৰে ৰঙা ফিটা লগাই দিব লাগে যাতে কোনো ধৰণৰ দুর্ঘটনা সংঘটিত হব নোৱাৰে৷ শেহতীয়া পথ দুর্ঘটনাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে ফোন নম্বৰৰ ব্যৱস্থা কৰিবলৈ কয় যাতে জনসাধাৰণে পথত ঢাকনি বিহীনভাৱে থকা গাত সম্পর্কত প্রশাসনক অৱগত কৰিব পাৰে৷ মুখ্যমন্ত্রীয়ে বৰাক উপত্যকা আৰু পাহাৰীয় জিলাসমূহলৈ যোৱা পথত বানপ্রৱণ আৰু ভূমিস্খলন প্রৱণ এলেকাত থকা পথৰ অৱস্থা নিৰীক্ষণ কৰিবলৈ লোকনির্মাণ বিভাগ, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ, ৰাষ্ট্রীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম কর্তৃপক্ষক কয় আৰু এই ক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ ভিডিঅ কনফাৰেন্সিঙৰ সময়ত মন্ত্রী পীযুষ হাজৰিকা, মন্ত্রী যোগেন মোহন, সেনা আৰু বায়ু সেনা বাহিনীকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে৷
You might also like