বিশেষ বাৰ্তা, ২৮ আগষ্টঃ ডিব্ৰুগড়ত চাঞ্চল্য! ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি গল এজন ব্যক্তি।বাঢ়নী পানীত উটি অহা খৰি ধৰি থাকোতেই ডিব্ৰুগড়ৰ নগাঘূলি অঞ্চলত সংঘটিত হৈছে এই ভয়াৱহ তথা শোকাবহ ঘটনা।বহু লোকৰ চকুৰ সন্মুখতে এই ভয়ানক ঘটনা সংঘটিত হয় যদিও সকলো যেন কিংকৰ্তব্যবিমূঢ় হৈ পৰি উদ্ধাৰৰ বাবে ব্যাপক চিঞৰ-বাখৰ কৰে যদিও বিৰচা মুঢ়া(৫৩) নামৰ ব্যক্তি গৰাকী ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত বিলীন হৈ পৰিছিল।ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ২০ কি:মি: নিলগৰ নগাঘূলিত আজি বিয়লি সংঘটিত এই মৰ্মান্তিক ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।ঘটনাৰ বিষয়ে জানিব পাৰি এন ডি আৰ এফ আৰু এচ ডি আৰ এফে অভিযান চলাই যদিও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু ঘন কুঁৱলীৰ বাবে অভিযানত সফল হব নোৱাৰিল যদিও কালি পুৱাৰ ভাগত পুনৰ অভিযান চলোৱাৰ কথা। ইফালে পুনৰ প্ৰবল ভাবুকি ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ।নিশ্চিহ্ন হব নেকি ডিব্ৰুগড়?এনে এক প্ৰশ্নই আজিৰ দিনটোত ডিব্ৰুবাসীৰ মনত ব্যাপক খুুদুৱনিৰ স্বৃষ্টি কৰিছে।ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰই ফেনে-ফোটোকাৰে বিপদ সীমাৰ বহু ওপৰৰে প্ৰবাহিত হৈ থকাত সকলোৰে মনত এক প্ৰকাৰ এই সন্দেহ ঘণীভূত হৈছে।চলিত বৰ্ষৰে বিগত সময়ত চহৰৰ একমাত্ৰ সুৰক্ষা বান্ধৰ সমীপত ব্যাপক গঢ়া খহনীয়াই চহৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পাছত এইবাৰ কালৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই।ডিব্ৰুগড়ত ভয়াবহ ভাৱে দেওবাৰৰ পৰা ক্ৰমে উফন্দি উঠা মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী অৱশেষত ডিব্ৰুগড়ত বিপদসীমা অতিক্ৰম কৰি বহু বছৰৰ অভিলেখ ভংগ কৰিছে।ডিব্ৰুগড়ত আজি নিশা এই বাতৰি যুগুত কৰা পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ১০৫:৯০ মিটাৰ ওপৰে বৈ আছে।ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ বিপদসীমাৰ পৰিমাণ হ’ল ১০৫:৭০ মিটাৰ। যদিও বৰ্তমানে প্ৰায় ২০ ছেণ্টিমিটাৰ ওপৰে বৈ থকাত স্বাভাবিকতেই আতংকিত হৈ পৰিছে জনসাধাৰণ।অহা ২৪ ঘন্টাত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ আৰু বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি অসম মে’ট্ৰলজিকেল বিভাগৰ সূত্ৰত প্ৰকাশ।ইফালে চহৰখনৰ বিভিন্ন ৱাৰ্ড পানীৰ কবলত পৰা লগতে দাঁতি-কাষৰীয়া আৰু পূৱ-পশ্ছিম ৰাজহচক্ৰৰ কেইবাখনো গাঁও জলমগ্ন হৈছে।ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ সুৰক্ষা বান্ধ চুই যোৱাকৈ বাঢ়নী পানী উফন্দি উঠাত স্বাভাৱিকতেই সকলোৰে মাজত ব্যাপক চৰ্চা লভিছে।তদুপৰি ব্ৰহ্মপুত্ৰৰ মাজত থকা চাকিয়া আৰু চাৰখলীয়া চাপৰিৰ অৱস্থা অতি সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্ৰায় শোচনীয় হৈ পৰিছে।চাপৰিৰ পৰা ডিব্ৰুগড়ৰ দিশে বা দক্ষিণ পাৰে নাওৰে যাতায়ত কৰাটোও বৰ্তমানে অতি বিপদজনক হৈ পৰিছে।উক্ত চাপৰিত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীতেই জীৱ-জন্তুৰ সহাৱস্থান ঘটিছে বুলিও খবৰ আহিছে।আনহাতেদি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পশ্চিম ৰাজহ চক্ৰৰ ভালেকেইখন গাওঁৰ কৃষি-পথাৰ নষ্ট কৰাৰ লগতে এক বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে যদিও সঠিককৈ তথ্য লাভ কৰিব পৰা হোৱা নাই।ডিব্ৰুগড়ৰ আইথান,বগীবিলৰ বহ গাওঁ ভদীয়া বানৰ কবলত পৰিছে।আইথান-বগীবিল সংযোগী(মথাউৰি তলৰ) পথৰ যোগাযোগ সম্পূৰ্ণ বিচিন্ন হৈ পৰিছে।ইফালে লাইকা-দধীয়া চাপৰিৰ সহশ্ৰাধিক লোকক চাবুৱা আৰু বিন্দাকটা অঞ্চলৰ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে।তদুপৰি প্ৰতিটো বাৰিষাত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ সুৰক্ষা বান্ধটোক লৈ চিন্তিত হৈ পৰা ডিব্ৰুগড় বাসীয়ে পুনৰ আতংকিত হৈ পৰিছে।উল্লেখযোগ্য যে, ডিব্ৰুগড়ত বহু বছৰৰ পাছত ব্ৰহ্মপুত্ৰৰ জলস্তৰ এনেদৰে বৃদ্ধি পাইছে।তথ্য অনুসৰি ডিব্ৰুগড়ত যোৱা ১৯৯৮ চনৰ ৩ ছেপ্টেম্বৰত হৈছিল সৰ্ব্বোচ্চ ১০৬.৪৮ মিটাৰ ব্ৰহ্মপুত্ৰৰ পানী।আনহাতে ডিব্ৰুগড়ৰ এই জলস্তৰ কাজিৰঙা বা মৰিগাঁও পোৱাৰ পাছত পৰিস্থিতি অধিক ভয়াবহ হ’ব বুলি উল্লেখ কৰি বিধায়ক প্ৰশান্ত ফুকনে কাজিৰঙা, মৰিগাঁও, মাজুলী আদিত সৰ্তকতা হ’বলৈ সকলোকে আহ্বান জনাইছে। আনহাতে কালি নিশাৰে পৰা ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী বিপদ সীমাৰে বৈ আজি বাতৰি লিখা পৰ্যন্ত ১০৫:৯০ মি: ওপৰৰে প্ৰবাহিত হোৱাত সকলোকে আতংকিত কৰি তুলিছে।নিশাৰ ভাগত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ আৰু বৃদ্ধি হোৱাৰ অধিক প্ৰৱণতা থকাৰ বিষয়ে সুত্ৰৰ পৰা জানিব পৰা গৈছে।সেয়ে এনেবিলাক খবৰে নিদ্ৰা হৰণ কৰিছে ডিব্ৰুগড়ৰ বাসী ৰাইজৰ।
প্ৰেৰক বিভাস দুৱৰা