নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত জলমগ্ন পথত যাতায়াতত অবৰ্ণনীয় বিপৰ্যয় জনসাধাৰণৰ

নিয়মীয়া বাৰ্তা, ১৮ জুন : কামৰূপৰ নগৰবেৰাৰ যাতায়ত বিপৰ্যয়ৰ কথা কোনো নতুন নহয়। স্বৰাজোত্তৰ কালত নগৰবেৰাৰ বাট-পথৰ নামত কাগজে-কলমে লোকনিৰ্মাণ বিভাগে লাখ-কোটি টকা ব্যয় কৰিলে যদিও আজিকোপতি ৰাইজৰ যাতায়ত বিপৰ্যয় আঁতৰ নোহোৱাত অঞ্চলবাসী ৰাইজে যমৰ যাতনা ভুগি আহিছে। ৰাজপথ পকী হ’ল যদিও দ ঠাই ওখ নকৰাকৈ পকীকৰণৰ ফলত সম্প্ৰতি পকী পথ বছৰটোৰ সিংহভাগ কাল পানীৰ তলতেই থাকে। এজাক বৰষুণ পৰিলেই ৰাজপথ হৈ পৰে পুখুৰীসদৃশ! একেলেথাৰিয়ে কেবাদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত নগৰবেৰা ‘নিউ মাৰ্কেট’ৰ পৰা কলিতা কেবিন পৰ্যন্ত পকী পথ পানীৰ তলত। একেদৰে নগৰবেৰাস্থ ছমৰীয়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখ ভাগতো আঁঠু-কলাফুল পৰ্যন্ত পানী জমা হোৱাত ৰাইজৰ যাতায়তলৈ সীমাহীন বিপৰ্যয় নামিছে। যান-বাহনবোৰ পানী জাহাজ যোৱাদি পানীৰ ওপৰেদি ভোঁভোৱাই আহযাহ কৰে যদিও পথচাৰীৰ বাবে ৰাজপথ মৰণফান্দসদৃশ হৈ পৰিছে। নগৰবেৰা উঃ মাঃ বিদ্যালয়, বিপিচি কলেজ, ছোৱালী হাইস্কুল, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বিক্ৰম ছাৰাভাই চায়েন্স একাডেমী, লিবাৰ্টি কমাৰ্চ ইন্সিটিউট, ইলিগেণ্ট ইন্সটিউট আদি শিক্ষানুষ্ঠানসমূহৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ভৰিৰ জোতা-চেন্দেল হাতত লৈ, ইউনিফৰ্ম তিয়াই নিতৌ পানীৰ মাজেৰেই অহাযোৱাৰ বিকল্প পথ নথকাত সকলো বিমোৰত পৰিছে। তদুপৰি ৰাজপথৰ দুয়োকাষে থকা দোকান-সমাৰবোৰৰো পথৰ পংকিলতাৰ বাবেই বিক্ৰী একেবাৰেই নোহোৱাৰ দৰেই হৈ পৰিছে। লোক নিৰ্মাণ বিভাগৰ বকো উপসংমণ্ডলীয় কাৰ্যালয়ৰ অধীনস্থ সদাব্যস্ত পকী ৰাজপথৰ এই অৱস্থাৰ বাবে ৰাইজে বহু আবেদন-নিবেদনৰ অন্তত সংশ্লিষ্ট বিভাগে নলা নিস্কাশনৰ আঁচনি লৈ নলাৰ কাম সম্পূৰ্ণ কৰিছিল যদিও তাতো সুফল নাপালে ৰাইজে। এফালে ৰাজপথৰ ভংগুৰতা উপৰিঞ্চি আকৌ জলমগ্ন অৱস্থা। মুঠতে নগৰবেৰা অঞ্চলবাসী ৰাইজৰ কপাঁলত সুগম যাতায়তৰ সোঁভাগ্য নহ’বই বুলিও ক্ষোভ উজাৰিছে একাংশই। প্ৰসংগক্ৰমে উনুকিয়াব পাৰি যে নগৰবেৰা-গুৱাহাটী সংযোগী বিভাগীয় ৰাজপথটিৰ বহল অতি বেছি আঠ ফুট মানৰহে, দুখন বাহন পাৰাপাৰ হ’বলৈ সময়ত দহ-পোন্ধৰ মিনিটৰ প্ৰয়োজন হয়, তাকো কোনোমতে চালকে কৌশল খটুৱাইহে দুয়োখন বাহন পাৰাপাৰ হ’ব পাৰে। পিজুপাৰা, জামলাই, হেক্ ৰা, খুটাবাৰী, বাগদোবা আদিবোৰ গাঁৱৰ মাজেৰে গুৱাহাটীৰ পৰা কোনোৱে এদিন নগৰবেৰালৈ গ’লে ,হয়তো দুৰ্গম যাতায়তৰ কথা আজীৱন মনত ৰাখিব! তেনেস্থলত জৰুৰী কালীন সেৱা যেনে-এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহন আদি নগৰবেৰাত অহাযোৱা কৰাটো কেনে জটিল, সেয়া ভাষাৰে বৰ্ণোৱা সম্ভৱ নহয়। নগৰবেৰাৰ পৰা গুৱাহাটী পাবলৈ য’ত অতি বেছি আঢ়ৈ ঘণ্টাৰ পথ, তাত প্ৰয়োজন হয় তিনি-চাৰি ঘণ্টা! মুঠতে নগৰবেৰাৰ ৰাজপথ উন্নয়নৰ কথাটো চৰকাৰে শীঘ্ৰেই বিবেচনা নকৰিলে আগলৈ দুৰ্গম যাতায়াতৰ বাবেই বহিঃজগতৰে বহু পিছপৰি ৰ’ব কামৰূপৰ ইতিহাসপ্ৰসিদ্ধ ঠাইখন। শইচে-মৎস্যে অনুপম, শান্তিপূৰ্ণ ঠাইখন আজি যেন একমাত্ৰ শোচনীয় বাট-পথৰ বাবেই অৱহেলিত আৰু অনগ্ৰসৰ হৈ ৰোৱা বুলিও ৰাইজৰ ক্ষোভ। নগৰবেৰাৰ সামগ্ৰিক উন্নয়ন আৰু বাট-পথ সুগম কৰি অঞ্চলবাসীক সুগম যাতায়ত উপহাৰ দিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ সানুনয় আবেদন জনাইছে নগৰবেৰা অঞ্চলৰ ভুক্তভোগী ৰাইজে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস 

You might also like