নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপানীত মথাউৰি-নদীৰ মাজৰ মানুহহে প্ৰভাৱিত হৈছে : মন্ত্ৰী পীয়ূষ হাজৰিকা

বিশেষ বাৰ্তা, ৯ জুলাই : কংগ্ৰেছৰ শাসনকালত বান আৰু গৰাখহনীয়া ৰোধৰ বাবে বছৰি মাত্ৰ আঢ়ৈশ কোটি টকা খৰচ কৰিছিল৷ অথচ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ টকা লৈ প্ৰায় ২ হাজাৰ কোটি টকাৰে প্ৰত্যেক বছৰে অসমৰ বান নিয়ন্ত্ৰণৰ কাৰণে আমি কাম কৰিছোঁ।- এই মন্তব্য জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ দায়ী বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই আৰু কয় যে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰৰ দিনত বছৰত আঢ়ৈশ কোটিমান টকা বছৰত বান নিয়ন্ত্ৰণ বিভাগে খৰচ কৰিছিল। কংগ্ৰেছ চৰকাৰৰ দিনত ক’ত আঢ়ৈশ কোটি টকা আৰু বিজেপি চৰকাৰৰ দুই হাজাৰ কোটি টকা! ইয়াতে ওলাই পৰে, পাৰ্থক্য কিমান! মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে এতিয়া কেন্দ্ৰীয় চৰকাৰে দুটা আমাক ঋণ লৈ দিছে। তাৰে ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে মাৰিব আৰু ১০ শতাংশ আমি অসম চৰকাৰে মাৰিম। এয়া হৈছে এটা এডিবি বুলি বেংকৰ পৰা লোৱা টকা। ইয়াত আছে প্ৰায় চাৰে তিনি হাজাৰ কোটি টকা আৰু বিশ্ব বেংকৰ পৰা চাৰে বাৰশ কোটি টকা। মুঠ প্ৰায় ৫ হাজাৰ কোটি টকা। ইয়াৰ ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে দিব, ইতিমধ্যে আমাক টকা দিছে। পৰ্যায়ক্ৰমে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম চলিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি মৰিগাঁও জিলাতে প্ৰায় ৪৫০ কোটি টকাৰ কাম আছে বুলি কয়। ঠিক তেনেকৈ ডিব্ৰুগড়, অসমৰ অন্যান্য অঞ্চলবিলাকত কাম আছে বুলি উল্লেখ কৰে। এই কামসমূহ পৰ্যায়ক্ৰমে চলিব বুলি কয়। তেওঁ পুনৰ কয় যে কেন্দ্ৰীয় চৰকাৰে আমাক ৫ হাজাৰ কোটি টকা ঋণ লৈ দিছে, তাৰে ৯০ শতাংশ মানে চাৰে চাৰি হাজাৰ কোটি টকা কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিব আৰু ৫০০ কোটি টকা আমি ঘূৰাই দিম। তাৰ পিছত অসম চৰকাৰে বছৰি ন্যূনতম ১০০০ কোটি টকা খৰচ কৰে বানপানী নিয়ন্ত্ৰণৰ কাৰণে। মুঠৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰে ঋণ লৈ দিয়া টকা অসম চৰকাৰৰ টকা লৈ প্ৰায় ২ হাজাৰ কোটি টকাৰে প্ৰত্যেক বছৰে অসমৰ কাৰণে আমি কাম কৰিছোঁ। এইবাৰ যদি মথাউৰিৰ কথালৈ চায়, এইবাৰ ব্ৰহ্মপুত্ৰত ৪টা মথাউৰি ভাঙিছে। এটাও মথাউৰি যাতে নাভাঙে, তাৰ কাৰণে আমি কষ্ট কৰোঁ, কাম কৰোঁ। কিন্তু মাটিৰ মথাউৰি ক’ৰবাত এটা-দুটা ভাঙে। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল, ২০০৪ চনত অসমত ৩৫৪টা মথাউৰি ভাঙিছিল। য’ত ব্ৰহ্মপুত্ৰৰ ৪টা মথাউৰি ভাঙিছে, তাৰ মানুহখিনিৰ বানপানী হৈছে। এটা হৈছে হাতীমূৰা মথাউৰি, এই মথাউৰিটো ভঙাৰ কাৰণে তাৰ মানুহখিনি ক্ষতিগ্ৰস্ত হৈছে। বোকাখাতৰ বংকোৱাল নামৰ এখন গাঁৱত মথাউৰি ভাঙিছে, তাৰ মানুহখিনিৰ ক্ষতি হৈছে। তাৰে দুই-তিনিটা পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে। যুগিনীধাৰী বুলি এটা ঠাইত মথাউৰি ভাঙিছে মাজুলীত, তাত ৩-৪খন পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে আৰু টেঙাখাতত বুঢ়ীদিহিং নদীত এটা মথাউৰি ভাঙিছে, তাত ৩-৪খন পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে। বানপানী হৈছে য’ত মানুহ নদী আৰু মথাউৰিৰ মাজত থাকিবলৈ লয়। তেওঁ মৰিগাঁও জিলাৰ প্ৰসংগ উত্থাপন কৰি কয় যে মৰিগাঁও জিলাখনলৈ যদি আপোনালোকে চায়, তেন্তে তাত দেখিব যে ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ সিটো পাৰেহে পানী হৈছে, ক’তো মথাউৰিৰ ইটো পাৰে পানী হোৱা নাই। গোটেই অসমৰ মথাউৰিৰ ইটো পাৰে পানী মাত্ৰ ৪খন ঠাইতে হৈছে। তদুপৰি চাৰে তিনিশ কিলোমিটাৰ মথাউৰি বনাবলগীয়া আছে বুলি তেওঁ কয়। এইবাৰ ২১০ কিলোমিটাৰৰ পৰা ২২০ কিলোমিটাৰ মথাউৰি এইবাৰ নিৰ্মাণ কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। তদুপৰি উন্মুক্ত হৈ থকা প্ৰায় ৩৫০ কিলোমিটাৰ মথাউৰি আছে যদিও ইয়াৰে ২২০ কিলোমিটাৰ মথাউৰি এইবাৰ নিৰ্মাণ কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে। ইয়াৰ বাবে ইতিমধ্যে সাজু হোৱা বুলিও তেওঁ কয়। বাৰিষাৰ পিছতে তেওঁ মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি কয়। অসমত এইবাৰ বেছিকৈ বানপানী হৈছে, সকলো কষ্টত আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে নদীৰ ফালে থকা ৰাইজৰো কষ্ট হৈছে বুলি কয়। তেওঁলোকৰ কষ্টত আমাৰ অন্তৰেও কান্দে, আমিও কষ্টত আছোঁ বুলি মন্তব্য কৰে। তেওঁ আৰু কয় যে বানপানী হৈছে নদী আৰু মথাউৰিৰ মাজত। মৰিগাঁও জিলাতো প্ৰায় ১০ হাজাৰ মানুহ প্ৰভাৱিত হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে মথাউৰিৰ ইপাৰৰ মানুহ ক’তো প্ৰভাৱিত হোৱা নাই বুলি কয়। অৰ্থাৎ মথাউৰি আৰু নদীৰ মাজৰ মানুহ প্ৰভাৱিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এইখিনিৰ কাৰণে ওখ ওখকৈ ঘৰ বনাই বা মানুহখিনিক অন্য প্ৰকাৰে হওক সহায় কৰিব লাগিব বুলি মন্ত্ৰী পীয়ূষ হাজৰিকাই মন্তব্য কৰে।

You might also like