নিয়মীয়া বাৰ্তা, ১৩ জুলাই : ভূটানৰ পৰা নামি অহা পানীয়ে জটিল ৰূপ ধাৰণ কৰিছে চিৰাং জিলাৰ বিজনী সুভাইঝাৰত। ভূটানৰ পৰা নামি অহা পানীৰ ধলে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সুভাইঝাৰ অঞ্চলত। সুভাইঝাৰৰ প্ৰায় দহ বাৰখন গাঁও প্লাৱিত কৰাৰ লগতে ৰাস্তা ঘাট ব্যাহত হৈ পৰিছে। ইফালে সুভাইঝাৰৰ ২নং দৈছুমঝৰাত সাতটা পৰিয়াল পানীৰ মাজত আৱদ্ধ হৈ থকাত NDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন্যাৰ্তক।বিয়লিৰ ভাগত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ছামঠাইবাৰীৰ পথত আশ্ৰয় গ্ৰহণ কৰা কেবাটাও বান শিবিৰ পৰিদৰ্শন কৰে। কেইবা বছৰ ধৰি ভূটানৰ পৰা নামি অহা পানীয়ে চিৰাং জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি নদীসমূহত বিজ্ঞানসন্মত প্ৰতিৰোধী বান্ধ নিৰ্মাণৰ পোষকতা কৰে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে।
প্ৰেৰক বৰ্ণালী তালুকদাৰ