নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ কবলত বোকাখাত মহকুমা : নিশাৰ ভিতৰতে ৫ ফুটৰো অধিক উচ্চতালৈ পানী বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ বানে ভয়ংকৰ ৰূপ লোৱাৰ উপক্ৰম হৈছে বোকাখাত মহকুমাত। যোৱানিশা বানে ডুবাই পেলাইছে বোকাখাত মহকুমাৰ উত্তৰাঞ্চল। বৰ্তমানলৈকে মহকুমাটোৰ বোকাখাত, মহুৰা আৰু ৰঙামাটি মৌজাৰ লগতে মহকুমাটোৰ অন্তৰ্গত খুমটাই আৰু দেৰগাঁৱৰ মুঠ ৩১খন গাঁও বানৰ কৱলত পৰিছে৷ যোৱানিশাৰ পৰা আৰম্ভ কৰি বাতৰি যুগুত কৰা সময়লৈকে বানত ডুবিছে ইখনৰ পিছত সিখন গাঁও৷ নিশাৰ ভিতৰত হথাতে অহা ব্ৰহ্মপুত্ৰৰ বানত হাবুডুবু খাইছে বান অধ্যুষিত গঞা ৰাইজে৷ নিশাই একাংশ লোকে পৰিয়ালৰ লোকৰ লগতে নিজৰ পশুধন লৈ ওখ ঠাইলৈ ঢাপলি মেলিছে ৷ বোকাখাত মহকুমাৰ অন্তৰ্গত খুমটাইৰ ১নং বকুলি চাপৰি, ২নং বকুলি চাপৰি আৰু নাক কাটি চাপৰি ৷ দেৰগাঁৱৰ নতুন চাপৰি, চকিয়াল চাপৰি, চৰাই চাপৰি এন চি, ১নং গড়মৰা, ২নং গড়মৰা, ধগাং চাপৰি এন চি, অবনি গাঁও এন চি, চিৰিচটিকা, শগুণপাৰা গাঁও এন চি, ফুৰপুৰিয়া গাঁও এন চি আৰু লেম্প চাপৰি ৷ বোকাখাত মহকুমাৰ শিলজুৰি কাকজুৰি, ২নং পৰঙণীয়াআটি, ধনশিৰি টেমেৰা, কুৰুৱাবাহী সত্ৰ, মৰিয়াহোলা, ৰিৰি গাঁও, বৰাইখোৱা চাপৰি, হাঁহচৰা  গাঁও, দিঘলীআটি, নিকৰি গাঁও, মাজদলপা গাঁও, বৰবালি গাঁও, যোগনীয়াআটি গাঁও, ভলুকাগুৰি গাঁও, বামুণগাঁও, বেজগাঁও, কুৰুৱাবাহী ৰাজহ গাঁও বানৰ কৱলত ৷ বানৰ কৱলত ক্ৰমে ডুব গৈছে বাট পথ, বাসগৃহ, বিদ্যালয়, অংগনবাদী কেন্দ্ৰ। বহু অঞ্চলৰ গোমধান, বাৰীৰ অন্যান্য শাক পাচলি এতিয়া পানীৰ তলত। নিশাৰ ভিতৰতে ৫ ফুটৰো অধিক উচ্চতালৈ পানী বৃদ্ধি হৈছে। মহকুমাটোত পুৰুষ, মহিলা আৰু শিশুসহ ৪৯১৯ লোক বানৰ কৱলত পৰিছে ৷ সমান্তৰালকৈ সৰু বৰ মিলাই বৰ্তমানলৈকে ১৩৬১০ পশুধনো বানৰ কৱলত ৷ পশুধনৰ বাবে দেখা দিছে খাদ্য সংকটে ৷ ইফালে হঠাতে অহা এই বানত কোনো লোক জলবন্দী হৈ আছে নেকি, যদি আছে সেইসকলক উদ্ধাৰৰ বাবে বোকাখাত প্ৰশাসন, আৰক্ষী আৰু এচ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ কোনো লোকে নিজৰ হাত নাৱেৰেই নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে। এচ ডি আৰ এফৰ সৈতে বোকাখাতৰ আৰক্ষী বিষয়া বিতোপন চুতীয়াই লৈছে উদ্ধাৰৰ দ্বায়িত্ব ৷ বিষয়া গৰাকীয়ে জনোৱা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাত নিয়োজিত বিশেষ কামাণ্ডো বাহিনীৰ স্পৰ্শকাতৰ অঞ্চলত থকা শিবিৰটো বানত ডুব যোৱাত কামাণ্ডো সকলক সেই ঠাইৰ পৰা উদ্ধাৰ কৰি বোকাখাতৰ আম্বেদকাৰ ভৱনত থাকিবলৈ দিয়া হৈছে। আনহাতে ধনশিৰিমুখত বিপদ সীমাৰ ওপৰেদি প্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ পানী ঘন্টাত ০.০৭ মিটাৰকৈ বৃদ্ধি পাইছে। আজি সেই অঞ্চলত বোকাখাতৰ সাংবাদিক উপস্থিত হোৱাৰ সময়ত কেইবাটাও পহু দক্ষিণৰ ওখ ঠাইৰ সন্ধানত ঢাপলি মেলা পৰিলক্ষিত হয়। আৰক্ষী বিষয়া চুতীয়াই পহুকে ধৰি অন্য বন্যপ্ৰাণীৰ কোনো অপকাৰ নকৰিবলৈ ৰাইজক আহ্বান জনাইছে। ইফালে আজিৰ নিশাৰ ভাগলৈ বানে অধিক বিভিষিকা নমাই আনিব বুলি আশংকা কৰা হৈছে। কিয়নো আজি বিয়লি নিমাতী ঘাটত জলপৃষ্ঠই পূৰ্বৰ ৮৭.৩৭ মিটাৰ অতিক্ৰম কৰি ৮৭.৫০ মিটাৰ স্পৰ্শ কৰিব বুলি জল আয়োগে আগজাননী দিছে। ইফালে ন ন অঞ্চল দ্ৰুত গতিত বানৰ কৱলত পৰাৰ খবৰ আহিয়েই আছে। ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰি সমূহত গো-পালক, ম’হ পালক সকলৰ বিশেষ খবৰ বৰ্তমানলৈকে লাভ কৰিব পৰা নাই।

প্ৰেৰক সুদীপ্ত তামুলী
You might also like