নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘবৰৰ চিতুলীত বানে উটুৱাই নিলে ঘৰ-ভেটি

🔹 গৃহহীন দুটি পৰিয়াল : চৰকাৰক সহায়ৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২৮ জুন : বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ এলেকাধীন চিতুলি গাঁৱত বানৰ তাণ্ডৱ । পানীৰ প্ৰচণ্ড সোঁতে উটুৱাই নিলে গাঁওখনৰ দুটাকৈ পৰিয়ালৰ ঘৰ-ভেটি। ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়াল দুটাৰ মাজত। ইফালে, বানৰ এনে সংহাৰী ৰূপত শংকিত গাঁওখনৰ আন কেইবাটাও পৰিয়াল। উপায়হীন হৈ অঞ্চলটোৰ ৰাইজে বাঁহ পুতি মেটেকাৰে ভেটা দি পানীৰ সোঁত অন্য দিশত বোৱাবলৈ চেষ্টা কৰিছে। প্ৰতিবছৰে বানে উক্ত গাঁওখনৰ ৰাস্ত-ঘাটৰ সমান্তৰালকৈ মানুহৰ ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন কৰে । উল্লেখ্য যে নালিৰ পাৰৰ পৰা ভাতকুছি লৈ ভেলেঙী নদীৰ পাৰেদি মথাউৰি নিৰ্মাণ কৰিলে উক্ত অঞ্চলসমূহ বানৰ সংহাৰৰ পৰা ৰক্ষা পৰিব বুলি ৰাইজে মত প্ৰকাশৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে । অৱশ্যে বানে গৃহহীন কৰা উক্ত অঞ্চলৰ দুয়োটা পৰিয়ালে সম্প্ৰতি প্ৰতিৱেশীৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি আছে।আনহাতে, অসহায় পৰিয়াল দুটিয়ে চৰকাৰৰ ফালৰ পৰা বিচাৰিছে আৰ্থিক সহায়।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like