নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালৰূপী বান : যোৰহাটত ঘৰৰ মূধচৰ ওপৰেৰে বাগৰিছে পানী

বিশেষ বাৰ্তা, ১ জুলাইঃ ৰাজ্যৰ ইতিহাসৰ ৩৩ বছৰীয়া অভিলেখ ভংগ কৰি কালৰূপ ধাৰণ কৰা মহাবাহু ব্ৰহ্মপুত্ৰই আন আন প্ৰান্তৰ লগতে যোৰহাট জিলাতো ধাৰণ কৰিছে সংহাৰী ৰূপ। তথ্য অনুসৰি ১৯৯১ চনত ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকৰী বানে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল।উল্লেখিত বছৰটোৰ ৭ জুলাইত যোৰহাট জিলাৰ নিমাতীঘাটত জলস্তৰ সৰ্বাধিক আছিল ৮৪.৯৮। কিন্তু সেই অভিলেখ ভংগ কৰি আজি পুৱাৰ ভাগত নিমাতীঘাটৰ জলস্তৰ হ’লগৈ ৮৫.৩২। জিলাখনত আজিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। এই বানত মূলত টীয়ক আৰু পূব যোৰহাট ৰাজহ চক্ৰৰ অধীনৰ বৃহৎ অঞ্চল বিস্তৰ ক্ষতি হৈছে। টীয়ক ৰাজহ চক্ৰৰ অধীনৰ বৃহত্তৰ জাঁজীমুখ অঞ্চলত বৰ্ণনাতীত পৰিৱেশ সৃষ্টি হৈছে। ১ নং কাৱৈমাৰী, জপং গাঁও, তিনিঘৰীয়া, বৰমথাউৰি, শগুণপৰা, আলিচুবুৰী, মালা গাঁও, চোমনি চাপৰি, বেজৰচিগা, হাতীশাল, কামান গাঁও, ফুকনবাৰী আদি গাওঁসমূহৰ ঘৰ-বাৰী সকলো পানীত ডুব গৈছে। বহু পৰিয়ালৰ ঘৰৰ মূধচে পানী কাটিছে। চাঙৰ ওপৰত চাং পাতি বন্যাৰ্তই দিন-ৰাতি পাৰ কৰিছে যদিও ঘৰৰ সকলো বয়-বস্তু, লাম-লাকটু পানীত ডুব যোৱাত তীব্ৰ খাদ্য সংকটত পৰিছে। সাগৰসদৃশ পৰিৱেশৰ মাজত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছে এইসকল বানাক্ৰান্তই। ইপিনে চাপৰিত আবদ্ধ হৈ পৰা বহু পশুধন ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি যোৱা বুলি জানিব পৰা গৈছে। বিয়লিৰ ভাগত জাঁজীমুখৰ বেজৰচিগাত বানত উটি অহা এটা সুগৰি পহু স্থানীয় লোকে উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়ে। এনে ভয়ানক পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ যোৰহাট জিলা প্ৰশাসনে জাঁজীমুখত এচ ডি আৰ এফ বাহিনী মোতায়েন কৰাৰ বিপৰীতে এই পৰ্যন্ত  বান সাহায্য প্ৰদান নকৰাক লৈ ক্ষোভ উজাৰে একাংশ বানাক্ৰান্তই। যোৰহাট -মাজুলী সংযোগী দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ শিৱিৰত আৱদ্ধ হৈ থকা প্ৰায় ডেৰশ শ্ৰমিক কৰ্মচাৰীক এচ ডি আৰ এফ বাহিনীয়ে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে এতিয়াও ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই থকাৰ লগতে ধাৰাসাৰ বৰষুণে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে জাঁজীমুখ প্লেটফৰ্মৰ পৰা ৰংদৈ সংযোগী মথাউৰিৰ বহুকেইটা স্থানলৈ। মেলেং বালিচাপৰিৰ ৰঙাজান -বাঘজানৰ সমীপৰ এটা শ্লুইছ গেটৰ এটা অংশ কালি চিঙি নিয়াৰ বিপৰীতে সেই স্থানৰে কিছু নিলগত মথাউৰিটোৰ এটা অংশ বহি যোৱাত সমগ্ৰ পূব যোৰহাটতে ভাবুকিৰ সৃষ্টি কৰিছে। অৱশ্যে যোৰহাট জিলা প্ৰশাসনে এই ভয়ানক বানৰে মোকাবিলা কৰিবলৈ তথা বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত খাদ্য যোগানৰ বাবে সকলো সাজু কৰি তুলিছে বুলি টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ প্ৰতিনিধি বিকাশ শইকীয়াই জানিবলৈ দিছে।
প্ৰেৰক দিগন্ত হাজৰিকা
You might also like