নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ বানৰ কবলত লখিমপুৰ

নিয়মীয়া বাৰ্তা, ৬ জুলাই : দ্বিতীয়বাৰৰ বাবে ভয়াবহ বানৰ কবলত পৰিছে লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত কদম অঞ্চল। কালি নিশা নেৰানেপেৰাকৈ দি থকা মুষলধাৰ বৰষুণৰ ফলত, অঞ্চলটোৰ চেনীমাই আৰু কাকৈ নদীৰ বাঢ়নী পানীয়ে বৃহত্তৰ কদম টেঙাবস্তি গাঁৱৰ শতাধিক লোকৰ ঘৰ দুৱাৰৰ লগতে ৰাস্তা ঘাট পদুলি সকলো বুৰাই পেলাই। যাৰ ফলত গাঁওখনত আজি কাহিলীপুৱাতেই এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হয়। উপায়হীন হোৱা বন্যাৰ্ত লোকসকলে, নিজৰ সা সম্পত্তি, পোহনীয়া জন্তু, সকলো লৈ নিৰাপদ স্থান বিছাৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা পৰিলক্ষিত হয়। আনকি এই ভয়াবহ বানৰ ফলত পৰি কদম টেঙাবস্তিৰ ১২ টা পৰিয়াল বানত আৱদ্ধ হৈ পৰাত অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। যদিও কদম ৰাজহ চক্ৰ কাৰ্যলয়ৰ চক্ৰ বিষয়াৰ নেতৃত্বত বানত আৱদ্ধ পৰিয়ালকেইটাক এছ ডি আৰ এফে উদ্ধাৰ কৰে। বৰ্তমানে অঞ্চলটোৰ বান পৰিস্থিতি কিছু সামান্য হৈছে যদিও এতিয়াও বহু পৰিয়ালৰ ঘৰ দুৱাৰ পানীৰ তলত বুৰ গৈ থকাত, ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোকসকলৰ নিজৰ ঘৰলৈ ঘুৰি যোৱাৰ বাবে নিশ্চয়তা নোহোৱা হৈছে। ফটো আছে।

প্ৰেৰক ভূবন গৌতম

You might also like