নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ নাৰায়ণপুৰত বানৰ তাণ্ডৱ : বানত ডুবিল পথ-ঘৰ-বিদ্যালয়

নিয়মীয়া বাৰ্তা, ১৯ জুন : লখিমপুৰ জিলাৰ অসম-অৰুণাচলৰ দাঁতিকাষৰীয়া অঞ্চলত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰ কবলত পৰিছে নাৰায়ণপুৰৰ বহু গাঁও। নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্ৰোপাং, পিছলা, দিহিৰি, চেঁচা আদি নদীৰ জলপৃষ্ঠ ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলত নদীৰ দাঁতিকাষৰীয়া উক্ত গাঁওসমূহত কৃষিজীৱী ৰাইজৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বছৰটোৰ প্ৰথমটো বানপানীয়ে সম্প্ৰতি অঞ্চলটোৰ ৰাইজক জলাকলা খুৱাইছে। ৰাজহ চক্ৰটোৰ অন্তৰ্গত আঠানিবাৰী, তৰাণীখাট, কাঠনি, মিছামৰা আদি বহু অঞ্চলৰ ৰাইজ বানৰ কবলত পৰিছে। দ্ৰোপাং নদীৰ বাঢ়নী পানী ৰঙতি-নাৰায়ণপুৰ সংযোগী পথৰ তৰাণীখাট-আঠানীবাৰী অঞ্চলত পথৰ ওপৰেৰে বাগৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। পথাৰৰ কঠীয়া পানীত ডুব যোৱাৰ লগতে ৰাস্তা-পদূলি পানীয়ে অনিষ্ট সাধিছে ৷ বিদ্যালয়, ঘৰ-দুৱাৰ আদি সকলোতে পানী সোমোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ পুখুৰীসমূহ পানীত ডুব যোৱাত মৎস্যজীৱী লোকসকল লোকচানৰ সন্মুখীন হৈছে ৷ মানুহৰ লগতে পশুধনৰ আশ্ৰয়স্থলৰ বাবে ওখ ঠাই বিচাৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷

প্ৰেৰক জগত গগৈ

You might also like