নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে নলবাৰীৰ সন্ধাবাসী। যিটো সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা জল জীৱন আঁচনিৰ নামত ৰীলচ্ তথা সৰু ভিডিঅ’ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে, সেই সময়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টিত জল জীৱন আচঁনিৰ এটোপাল পানীৰ বাবে প্ৰায় দুটা বছৰ অপেক্ষা কৰিব লগা হৈছে ৰাইজ। জিলাখনৰ সন্ধা গাঁৱত জল জীৱন আঁচনিৰ এটোপালো পানী নাপাই ক্ষোভ প্ৰকাশ কৰে ৰাইজে। জল জীৱন আঁচনিৰ পৰা প্ৰদান কৰা ন’লসমূহ সম্প্ৰতি কচু-ঘাহনিৰ মাজত আৱদ্ধ হোৱা পৰিলক্ষিত হয়। এয়া কোনো দুৰ্গম অঞ্চল নহয়, নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টি পূৱ নলবাৰী প্ৰান্তৰ উন্নত ঠাই বুলি বিবেচিত সন্ধা গাঁৱৰ দুৰাৱস্থা। বৃহত্তৰ সন্ধা গাৱৰ বাসিন্দাৰ সুবিধাৰ্থে সন্ধাত প্ৰায় ১ কোটি ৩৩ লাখ টকীয়া পানী যোগান আঁচনিৰ অন্তৰ্গত প্ৰায় ৩৯০ ঘৰত বিশুদ্ধ পানী যোগানৰ ব্যৱস্থা কৰা হৈছিল যদিও বিগত দুটা বছৰ অতিক্ৰম কৰাৰ পিছতো অধিকাংশ লোকেই এটুপিও খোৱা পানী নাপায় ক্ষোভ উজাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিপক্ষে। ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰে “হৰ ঘৰ নল হৰ ঘৰ জল” বুলি টিভি-ৰেডিঅ’টহে বিভাগীয় মন্ত্ৰীৰ পৰা শুনিবলৈ পাইছে। কিন্তু বাস্তৱত দেখা নাই। মুষ্টিমেয় কিছু লোকক এই পানী প্ৰদান কৰিয়ে দায়িত্ব এৰিছে বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ্য বৃহত্তৰ সন্ধাবাসীক জল দিয়াৰ বাবে বৃহৎ প্ৰজেক্টৰ কাম কৰি কোন বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰৰ গাফিলতিত ৰাইজে দুটা বছৰ অতিক্ৰম কৰাৰ পিছতো এটোপাল পানী পোৱা নাই । ইয়াক লৈ ৰাইজে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক উক্ত অঞ্চল পৰিদৰ্শন কৰি শীঘ্ৰে খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে। ইপিনে জিলাখনৰ ভিন্ন প্ৰান্তত কেইবাটাও জলজীৱন আঁচনিৰ কাম আধৰুৱা হৈ আছে। কেইবাটাও আঁচনিৰ কাম সম্পুৰ্ণ হৈছে যদিও ৰাইজে কিন্তু এটোপাল খোৱা পানী পোৱা নাই । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে জল জীৱন আঁচনিখনে ৰাইজক উপকৃত কৰিব নোৱাৰ অভিযোগ উঠিছে ।
প্ৰেৰক শ্বাহ আলম আহমেদ