নিয়মীয়া বাৰ্তা, ১৯ মে’ : প্ৰকৃতিয়ে কাৰো বাধা নামানে। অপ্ৰতিৰোধ্য প্ৰকৃতিৰ চিৰপ্ৰবাহমান ধাৰাবাহিকতা।ঋতুৰ পৰিৱৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং।সংগোপনে প্ৰকৃতিয়ে লৈছে ন-ৰূপ,ন-সাজেৰে ৰঙীন হৈ উঠিছে প্ৰকৃতি।জীপাল হ’বলৈ আৰম্ভ কৰিছে ধৰণী। লঠঙা বিৰিখত কুঁহিপাত মেলাৰ পাছতেই এতিয়া ডাল ভৰি ফুলিছে নানাৰঙী ফুল৷ প্ৰকৃতিৰ সাজোন-কাচোনে মন-প্ৰাণ হৰিছে সকলোৰে।সেউজীয়া অসমভূমিত এতিয়া চৌপাশে দেখা গৈছে ফুলৰ মেলা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খেয়ালী প্ৰকৃতিয়ে সপোন ৰচিছে ঢকুৱাখনাৰ নিৰ্মল আকাশত৷নীলা আকাশত যেন ফুল বাচিছে প্ৰকৃতিয়ে।ঢকুৱাখনাত আকাশ শুৱনি কৰি ফুলিছে বেঙুনীয়া এজাৰ।প্ৰকৃতিৰ নিজ নিজ সৌন্দৰ্য্য সম্ভাৰেৰে ধৰাৰ বুকু ৰঙীন কৰি তোলা বসন্ত ঋতুতে এজাৰ ফুলে আৰু অধিক অপৰূপ কৰি তোলে । সমগ্ৰ আকাশ পৰিণত হৈছে এখন বেঙুণীয়া চাদৰলৈ। চাৰিকড়ীয়া পাৰৰ দুয়োপাৰে আকাশ শুৱনি কৰি ফুলা এজাৰে সৃষ্টি কৰিছে মনোমোহা পৰিৱেশৰ। আকাশ ভৰি ফুলা এজাৰৰ হেজাৰ হেজাৰ পাহিয়ে ৰঙীন কৰি তুলিছে ধৰাৰ বক্ষ ৷প্ৰকৃতিৰ বুকুত নিয়ম অনুসৰিয়েই আকাশ উপচাই ফুলি উঠা এজাৰ ফুলে উন্মনা কৰি তুলিছে বহুতক। পৰিবেশে সৃষ্টি কৰা উদ্বেগ, সংশয়, সন্দেহৰ মাজতে যেন প্ৰকৃতিয়ে মানুহৰ মনলৈ আনিছে আশাৰঞ্জক বতৰা৷ ঢকুৱাখনাৰ চাৰিওফালৰ অপৰূপ দৃশ্যই মুহিছে প্ৰকৃতিপ্ৰেমীক৷ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে প্ৰেৰণা যোগায় কবি-গীতিকাৰক ৷এজাৰ ফুলা দেখি হয়তো কোনোৱে গাইছে ‘এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ…’। পথ-পথাৰ উপচি ফুলি উঠা এজাৰ ফুলৰ সৌন্দৰ্যৰ এই নৈসৰ্গিক ৰূপে এতিয়া প্ৰকৃতিপ্ৰেমীৰ মন জুৰাই পেলাইছে।কোনোবা শিল্পীয়েহে যেন আঁকিছে এই মনোৰম দৃশ্য।মানসিক ক্লান্তি দূৰ কৰি প্ৰকৃতিৰ এই মনোৰম দৃশ্যই বহুতৰ মনলৈ মানসিক প্ৰশান্তি কঢ়িয়াই আনিছে ৷অশান্ত সময়ৰ আহ্বানত অস্থিৰ হৈ উঠা মন প্ৰাণত প্ৰকৃতিৰ বুকুৰ এই নিভাজ প্ৰশান্তিৰ ৰঙবোৰ আমিও ছটিয়াই লও আহক ।
প্রেৰক পুলকজ্যোতি বৰা