নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ : বাসুগাঁও চহৰৰ উৰণ সেতুৰ পথত বিসংগতি

নিয়মীয়া বাৰ্তা, ১৮ জুন : চিৰাং জিলাৰ অন্যতম বাণিজ্যিক চহৰ বাসুগাঁৱৰ উৰণ সেতুৰ উদ্বোধন হোৱাৰ এবছৰ নহওঁতেই উৰণ সেতুৰ দক্ষিণ দিশৰ পথৰ এটা অংশত বিসংগতি দেখিবলৈ পোৱা গৈছে। উৰণ সেতুটোৰ দক্ষিণ দিশত সেতুৰ এটা অংশ প্ৰায় ৩/৪ ইঞ্চি পকীপথ বহি গৈছে। ফলত উক্ত উৰণ সেতুয়ে দি দৈনিক অহাযোৱা কৰা যানবাহন সমূহ যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগা হৈছে। যাৰ কাৰণে স্থানীয় ৰাইজে যিকোনো মুহূৰ্তত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে। স্থানীয় লোকৰ অভিযোগ যে বাসুগাঁও চহৰৰ নৱনিৰ্মিত উৰণ সেতু যোৱা ২০২৩ চনৰ অক্টোবৰ মাহত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ পূৰ্বেই উক্ত স্থানত বিসংগতি দেখা দিছিল । কিন্তু উৰণ সেতু নিৰ্মাণকাৰী সংস্থা হাইটেক কনষ্ট্ৰাকছন কোম্পানীয়ে ঠাইডোখৰ উদ্বোধনৰ প্ৰাকমুহূৰ্তত কোনোমতে মেৰামতি কৰিছিল। সাময়িকভাবে পথৰ নিদিষ্ট ঠাইডোখৰ কিছুদিন ঠিক আছিল যদিও উদ্বোধন কৰাৰ দুমাহ নহওঁতেই উৰণ সেতুৰ পথছোৱা কিছু অংশ বহি যায়। এই সন্দৰ্ভত স্থানীয় লোকে উদ্বেগ প্ৰকাশ কৰে। উক্ত পথছোৱাৰ বিসংগতি সন্দৰ্ভত একাংশ কাকতত বাতৰি প্ৰকাশিত হৈছিল। কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই উৰণ সেতুৰ বিসংগতিপূৰ্ণ পথছোৱা পুনৰ মেৰামতি কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ইতিমধ্যেই উৰণ সেতুৰ উদ্বোধন কৰাৰ ৯ মাহ অতিক্ৰম কৰিছে আৰু দৈনিক গধূৰ যানবাহন উৰণ সেতুদি যাতায়াত কৰাৰ ফলত উক্ত বিসংগতিপূৰ্ণ পথছোৱা ইতিমধ্যেই প্ৰায় তিনি /চাৰি ইঞ্চি বহি যোৱাৰ ফলত দৈনন্দিন চলাচল কৰা বিশেষকৈ দুচকীয়া, তিনিচকীয়া আৰু ক্ষুদ্ৰ যানবাহন সমূহৰ নিয়ন্ত্ৰণ হেৰুৱাৰ উপক্ৰম হোৱাৰ অভিযোগ উত্থাপিত হৈছে। যি বিষয়টোক লৈ সম্প্ৰতি বাসুগাঁও বাসী ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উৰণ সেতুৰ উক্ত বহি যোৱা পথছোৱাৰ কাৰণে যিকোনো মুহূৰ্তত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। যাৰ কাৰণে ডাঙৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতেই সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়টোত গুৰুত্ব আৰোপ কৰি অতি সোনকালে বিসংগতিপূৰ্ণ পথছোৱা মেৰামতি কৰিবলৈ আহ্বান জনাইছে।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like