নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঁহৰ কুলা-চালনী সাজি পেট প্ৰৱৰ্তাইছে লোকগীতৰ অনাতাঁৰ শিল্পী প্ৰভাত বৈশ্যই

 🔹 ২০ বছৰে তাঁতবাটি কাঢ়িও নাপালে শিল্পী পেঞ্চন

 🔹 মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান অশীতিপৰ শিল্পীগৰাকীৰ

নিয়মীয়া বাৰ্তা,  ৭ ছেপ্টেম্বৰ : একালৰ জনপ্ৰিয় লোকগীতৰ শিল্পী, অনাতাঁৰ মাধ্যমৰ পৰিচিত শিল্পী প্ৰভাত বৈশ্য আজি উপেক্ষিত,অনাদৃত। সুদীৰ্ঘ বিশটা বছৰে তাঁতবাটি কাঢ়িও আজিকোপতি পাবলৈ সক্ষম নহ’ল শিল্পী পেঞ্চন। সীমাহীন দৰিদ্ৰতাত ককবকাইছে অশীতিপৰ শিল্পীগৰাকী। শিল্পী পেঞ্চন বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে বৃদ্ধ শিল্পীগৰাকীয়ে |জনপ্ৰিয় লোকগীতৰ শিল্পী প্ৰভাত বৈশ্যই সত্তৰৰ দশকত গুৱাহাটী অনাঁতাৰ কেন্দ্ৰত লোকগীত পৰিৱেশন কৰিছিল | শিল্পীগৰাকীৰ ঘৰ নগৰবেৰাৰ যোগীপাৰা গাঁৱৰ বাঁহমূৰা চুবুৰিত | ৰাইজক কণ্ঠৰ যাদুৰে সন্মোহিত কৰি নিজে আজি জীৱনৰ অন্তিম মুহুৰ্তত সীমাহীন দীনতাত দিন অতিবাহিত কৰিবলগীয়া হৈছে | দেহত বাৰ্ধক্যৰ স্বাভাৱিক জড়তা, মগজুত মাথোঁ পৰিয়ালৰ ভৰণ-পোষণৰ চিন্তা। ৰাতি হ’লেই পুৱালৈ আৰু পুৱা হ’লেই দুপৰীয়াৰ সাঁজৰ চিন্তা | চিকিৎসাৰ অভাৱত অকালতে পত্নীৰো বিয়োগ ঘটিল। তথাপি সযতনে হাজাৰ দুখকো নেওচি ৰাখি থৈছে মৰমৰ দোতাঁৰাখন, যিয়ে অনবৰতে ৰোমন্থন কৰি দিয়ে অতীতৰ অনাতঁৰ কেন্দ্ৰত গীত গোৱা সোণোৱালী মুহুৰ্তবোৰক | অশীতিপৰ শিল্পীগৰাকীয়ে বাৰ্ধক্যৰ পৰতো পেটৰ ভাতমুঠিৰ বাবে কৰি গৈছে বাঁহৰ সামগ্ৰী প্ৰস্তুতৰ কাম, তাৰ মাজতো চলাই গৈছে সংগীত চৰ্চা। পিছে ৰক্তচাপজনিত সমস্যা, খোৱা-বোৱাতো অনীহা বাঢ়িছে ক্ৰমান্বয়ে। অনবৰতে উদ্বিগ্নতাত সময় কটাবলগীয়া হৈছে সুৱদি কণ্ঠৰ শিল্পীগৰাকীয়ে | তৎস্বত্বেও কামৰ মাজতেই আজৰি পালেই দোতাঁৰাখন লৈ আজিও গুণগুণায় তাহানিতে গোৱা লোকগীতবোৰ। শিল্পীগৰাকীৰ কণ্ঠৰ যাদুই আজিও ৰাইজক দিয়ে বিশেষ আমেজ | আৰ্থিক দীনতাত সম্প্ৰতি চিন্তাক্লিষ্ট শিল্পীগৰাকীৰ মনত এটাই দুখ- আজিকোপতি বহু আবেদন জনায়ো পাবলৈ সক্ষম নহ’ল শিল্পী পেঞ্চন। জীৱনৰ অন্তিম সময়ছোৱাত তেওঁ শিল্পী পেঞ্চনৰ দিহা কৰিবলৈ কাতৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক | বৃদ্ধ শিল্পীগৰাকীলৈ চৰকাৰে শিল্পী পেঞ্চনৰ দিহা কৰিলে যথেষ্ট উপকৃত হ’ব তেওঁৰ লগতে দুখীয়া পৰিয়ালটো।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like