বিশেষ বার্তা, সােণাৰি, ১২ এপ্ৰিলঃ ইছলামধর্মী লােকৰ পৱিত্র ৰমজান মাহ চলি আছে। আৰু এই ৰমজানৰ অচিলা লৈ সােণাৰিৰ বিভিন্ন অঞ্চলত একাংশ অসাধু ব্যবসায়ীয়ে খাদ্যসামগ্রীৰ মূল্যবৃদ্ধি কৰাত বিমােৰত পৰিছে ৰাইজ। অধিক মুনাফা লুটৰ লক্ষ্যৰে একাংশ ব্যৱসায়ীয়ে নিশাটোৰ ভিতৰতে খাদ্য-সামগ্ৰীৰ মূল্য প্রায় দুগুণে বৃদ্ধি কৰাত নিম্ন মধ্যবিত্ত তথা দুখীয়া শ্রেণীৰ লােকে বজাৰ কৰিবলৈ গৈ শুদাহাতে উভতিব লগা হােৱাৰ এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। সােণাৰিত দৈনিক বজাৰসমূহত আজি হঠাতে গাখীৰৰ মূল্য ৭০-৭৫ টকালৈ বৃদ্ধি পায়। চালানী মাছ প্রতি কিলাে ৪০০-৫০০ টকা, লােকেল মাছ প্রতি কিলো ছশৰ পৰা সাতশ টকা, আপেল প্রতি কিলাে ২০০-২৫০ টকা, খোলা বজাৰত বিক্ৰী হোৱা খেজুৰ প্রতি কিলাে ১০০-১২০টকা, আঙুৰ প্রতি কিলাে ২৫০-৩০০ টকা, চালানী আম প্রতি কিলাে ২০০-৩০০ টকা হৈছে। বিভিন্ন প্রজাতিৰ কলৰ কিলাে হৈছে ৬০-৮০ টকা। এনেদৰে বিভিন্ন ফলমূলকে ধৰি খাদ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰিছে। খাদ্যসামগ্ৰীৰ এনে অস্বাভাৱিক হাৰত মূল্যবৃদ্ধিৰ পাছতাে এইসমূহ নিয়ন্ত্ৰণৰ বিপৰীতে একপ্রকাৰ চকুমুদা কুলিৰ ভাও লৈছে চৰাইদেউ জিলা প্রশাসনৰ লগতে খাদ্য আৰু অসামৰিক যােগান বিভাগটোৱে। একাংশ লােকে অভিযােগ কৰা মতে, জিলাখনৰ খাদ্য আৰু অসামৰিক যােগান বিভাগৰ কোনাে এগৰাকী পৰিদৰ্শক তথা কর্মচাৰীয়ে খাদ্যসামগ্ৰীৰ মান তথা মূল্যবৃদ্ধি পর্যবেক্ষণৰ বাবে এই অঞ্চলসমূহলৈ নাহে। তেওঁলােকে কেৱল কার্যালয়ত বহিয়েই মাহিলী দৰমহা আদায় কৰি অহা বুলি ৰাইজে অভিযােগ কৰিছে। এনে পৰিস্থিতিত এই মূল্যবৃদ্ধি ৰােধৰ ক্ষেত্ৰত ৰাজ্যৰ খাদ্য আৰু অসামৰিক যােগান বিভাগৰ মন্ত্রীক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।