নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ সৰ্বসাধাৰণ ৰাইজৰ তুমুল সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত যোৱাকালিৰ পৰা ধুবুৰীত গাখীৰৰ মানদণ্ড নিৰূপণ কৰাৰ বাবে খাদ্য সুৰক্ষা বিভাগে অভিযান আৰম্ভ কৰা পোৱা হৈছে। উল্লেখ্য যে কালি পুৱা ধুবুৰীৰ বৰলুইতৰ কাছাৰী পাৰঘাটৰ সন্মুখৰ ৰাজপথৰ দাঁতিত এগৰাকী গাখীৰ বিক্ৰেতাই গাখীৰত কেমিকেল জাতীয় কিবা দ্ৰব্য মিহলি কৰি থকা প্ৰত্যক্ষিত কৰিছিল ৰাইজে। সেই ঘটনাই ধুবুৰীত গাখীৰৰ নামত কি বিক্ৰী কৰি থকা হৈছে বুলি চহৰখনৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বিষয়টো লৈ আনকি প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল জনমানসত। অৱশ্যে ঘটনাটো অৱগত হোৱাৰ পিছত যোৱাকালিৰে পৰা ধুবুৰীৰ কাছাৰী পাৰঘাটত খাদ্য সুৰক্ষা বিভাগৰ এটি দলে আৰম্ভ কৰিছিল অভিযান। পিছে গাখীৰৰ মানদণ্ড নিৰ্ণয় কৰাৰ কোনো ধৰণৰ নূন্যতম সাঁ-সঁজুলি নথকা হেতুকে খাদ্য সুৰক্ষা বিভাগৰ সেই অভিযান বাস্তবত এক ভেকোভাওনা ৰূপেই ৰাইজৰ মাজত প্ৰতীয়মান হোৱা পোৱা গৈছে। ইপিনে উপস্থিত সাংবাদিকৰ সন্মুখত ‘আমি আজি সকীয়াই দিছোঁ। নামানিলে আগলৈ গোচৰ তৰিম, পদক্ষেপ ল’ম’, ‘নমুনা লোৱা হ’ল”, “মই নতুনকৈ আহিছোঁ” জাতীয় তৰল মন্তব্য দিয়া পোৱা যায় অভিযানকাৰী দলটোৱে। ফলত স্বাভাৱিক ভাবেই গাখীৰত বিভিন্ন কেমিকেল জাতীয় পদাৰ্থ মিহলি কৰি এছাম অসাধু গাখীৰ বিক্ৰেতাই চহৰখনত বিনা বাধায় বিক্ৰী কৰি থকাৰ দৰে এক গুৰুতৰ বিষয় এটা খাদ্য সুৰক্ষা বিভাগ অথবা প্ৰশাসনে গুৰুত্ব সহকাৰে লৈছে নে নাই সেই প্ৰশ্নও উত্থাপিত হৈছে এতিয়া। উল্লেখ্য যে, ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বিভিন্ন চৰাঞ্চল পৰা প্ৰতিদিনে শ শ লিটাৰ গৰু আৰু মহৰ গাখীৰ লৈ চহৰখনলৈ আগমন ঘটে বহু গাখীৰ বিক্ৰেতাৰ। ইয়াৰে একাংশই লোকৰ ঘৰে ঘৰে গৈ গাখীৰ বিক্ৰী কৰাৰ বিপৰীতে আন একাংশই ধুবুৰীৰ বিভিন্ন বজাৰত গাখীৰ বিক্ৰী কৰে। তদুপৰি চহৰখনৰ অধিকাংশ সৰু-বৰ চাহ-মিঠাইৰ দোকান, ৰেষ্টুৰেন্ট আদিও চৰাঞ্চলৰ পৰা অহা গাখীৰ বিক্ৰেতাৰ পৰাই গাখীৰ ক্ৰয় কৰে। ইয়াতে উনুকিয়াব লগা বিষয় এয়াও যে, দীৰ্ঘদিনৰ পৰাই ধুবুৰীৰ একাংশ মহলে অসাধু গাখীৰ ব্যৱসায়ী এছামে গাখীৰৰ ঠাইত বিশেষ এবিধ পাউডাৰ জাতীয় সামগ্ৰীও বিক্ৰী কৰি অহাৰো সন্দেহ প্ৰকাশ কৰি আহিছে। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে আজিলৈ চহৰখনলৈ বিক্ৰী কৰিবলৈ অনা গাখীৰৰ মান নিয়মিত পৰীক্ষা কৰাৰ বাবে প্ৰশাসন অথৱা খাদ্য সুৰক্ষা বিভাগে কোনো পদক্ষেপ লোৱা দেখা নাই ৰাইজে।
প্ৰেৰক