নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিমাতি -কমলাবাৰী ফেৰী চলাচলত ঘন কুৱলিয়ে কৰিছে বিঘিনি : যাত্ৰীৰ বিলৈ

নিয়মীয়া বাৰ্তা  ,১৫ জানুৱাৰী : এইকেইদিন পৰিছে অসমত শীতৰ প্ৰকোপ ; ঘন কুৱলিয়ে আৱৰিছে সুৰুজক ।ব্ৰহ্মপুত্ৰৰ বুকুত ডাঠ কুৱলিৰ এখন চামনি । পাৰাপাৰ দেখা নায়ায়।এনেস্হলত ফেৰীঘাটসমূহত যাত্ৰীবাহী ফেৰীকে ধৰি অনান্য সেৱাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ।নিমাতিৰ পৰা মাজুলীলৈ চলাচল কৰা যাত্ৰীবাহী ফেৰীসমূহ ঘন কুৱলিৰ বাবে বহু পলমকৈ উপস্থিত হৈছে পাৰঘাটত ।

একেদৰেই মাজুলী -কমলাবাৰী ফেৰীসেৱা । চালকে কুৱলিৰ বাবে পাৰাপাৰ নেদেখাত আজি লুইতৰ বুকুত আমগুৰি বালিচাপৰিত ৰখাব লগা হৈছে দুখনকৈ ফেৰী ।খোৱা -বোৱাৰ ক্ষেত্ৰতো হৈছে যাত্ৰীৰ অথন্তৰ ।তাৰোপৰি ফেৰীৰ বাবে ঘন্টা ঘন্টাজুৰি অপেক্ষাৰত অৱস্থাত দেখা গৈছে ভিৰ কৰা যাত্ৰীসকলক।বিশেষকৈ কৰ্মসূত্ৰে মাজুলীলৈ নিতৌ আহ -যাহ কৰা ব্যক্তিসকলৰ বিলৈ হৈছে।

You might also like