দীৰ্ঘ ২৮ বছৰ বিৰতি : ধুবুৰীত শ্যামলা সুন্দৰী ফুটবল প্ৰতিযোগিতা
নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃ দীৰ্ঘ ২৮ বছৰ বিৰতিৰ পিছত ধুবুৰীত পুনৰ অনুষ্ঠিত হ’বলৈ গৈ আছে শ্যামলা সুন্দৰী আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতা। অহা ৩ চেপ্টেম্বৰৰ পৰা ধুবুৰী ক্ৰীড়া সন্থা (ডিএনএ)ৰ উদ্যোগত ধুবুৰী চহৰৰ ঐতিহ্যমণ্ডিত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত হ’ব এই প্ৰতিযেগিতাখন। এইবেলি ৩৬ সংখ্যক বছৰত ভৰি দিবলগীয়া এই ফুটবল প্ৰতিযোগিতাখনত মহাৰাষ্ট্ৰৰ ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া, বিহাৰৰ কাটিহাৰ, পশ্চিমবংগৰ ক’লকাতাৰ মোহামেডান এচি, শিলিগুৰিৰ এচবিচি, আলিপুৰদুৱাৰ, অসমৰ গুৱাহাটীৰ এএচইবি, চিৰাং, গোসাইগাওঁ, দক্ষিণ শালমাৰা, ধুবুৰী ফুটবল লিগ চেম্পিয়ন এভাৰ গ্ৰহণ ক্লাবকে ধৰি দেশৰ বিভিন্ন ঠাইৰ কেইবাটাও আগশাৰীৰ দলে অংশ ল’ব বুলি ডিএচএ সূত্ৰে প্ৰকাশ। উল্লেখ্য যে, অহা ১৪ চেপ্টেম্বৰৰ দিনা অনুষ্ঠিত হ’ব মুঠ ১২টা দলে অংশ লবলীয়া ১১ দিনীয়া এই ফুটবল টুৰ্নামেন্টখন। চূড়ান্ত বিজয়ী দলক ট্ৰফিকে ধৰি নগদ ১ লাখ টকা, ৰাণাৰ্চ আপ দলক ট্ৰফি আৰু নগদ ৫০ হাজাৰ টকা দিয়া হ’ব বুলি ডিএচএৰ তৰফৰ পৰা জনোৱা হৈছে। শ্ৰেষ্ঠ খেলুৱৈক দিয়া হ’ব নগদ ২৫ হাজাৰ টকা। উল্লেখ্য যে, ১৯৫২ চনৰ পৰা আৰম্ভ হোৱা ধুবুৰীৰ এই ঐতিহ্যমণ্ডিত শ্যামলা সুন্দৰী আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতা অকষ্মাতে ১৯৯৪ চনত বন্ধ হৈ পৰিছিল। দীৰ্ঘ ২৮ বছৰৰ পিছত পুনৰ অনুষ্ঠিত হ’বলগীয়া এই ফুটবল প্ৰতিযোগিতাখনলৈ এতিয়া অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰা পোৱা গৈছে ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলৰ ফুটবলপ্ৰেমী ৰাইজ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী