নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৈধ্য বছৰে সুধাকণ্ঠৰ গীত নিতৌ মাইকযোগে এঘণ্টাকৈ প্রচাৰ

🔹 সাংবাদিক সমৰেন্দ্র নাৰায়ণ বৰাৰ ব্যতিক্রমী পদক্ষেপ

🔹 সুধাকণ্ঠৰ সুমধুৰ গীতেৰে জীপাল হৈ পৰে প্ৰতিটো আবেলি

বিশেষ বার্তা, ৫ নৱেম্বৰ : নগাঁও জিলাৰ কামপুৰৰ এজন সংস্কৃতিৱান যুৱক তথা সাংবাদিক সমৰেন্দ্র নাৰায়ণ বৰাৰ ব্যতিক্রমী পদক্ষেপে ৰাইজৰ আকর্ষণ বৃদ্ধি কৰিছে৷ সাংবাদিক বৰাই একক প্রচেষ্টাৰে ভাৰত ৰত্ন, হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মহাপ্রয়াণৰ দিনৰে পৰা কালজয়ী গীতসমূহ মাইকযোগে ৰাইজক শুনাই আহিছে৷ এমাহ নহয় এবছৰ নহয়, নিৰৱচ্ছিন্নভাৱে চৈধ্যটা বছৰ সম্পূর্ণ কৰিলে সুধাকণ্ঠৰ গীতৰ কোলাত৷ মন কৰিব লগা যে ২০১১ চনৰ ৫ নৱেম্বৰত ভূপেন হাজৰিকাৰ মহাপ্রয়াণৰ দিনৰ পৰাই প্রতিদিনে কামপুৰ নগৰৰ বজাৰত গীতসমূহ মাইকৰ যোগেদি প্রচাৰ কৰি আহিছে৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মহাপ্রয়াণৰ সময় বিয়লি ৪.৩৭ বজাৰ পৰা ৫.৩৭ বজালৈ মুঠ এঘণ্টা সময়ৰ বাবে তেওঁ বাণীবদ্ধ অমৰ গীতসমূহ মাইকৰ যোগেদি কামপুৰ নগৰবাসীক শুনাই এক নজিৰ স্থাপন কৰিছে সাংবাদিকগৰাকীয়ে৷ জানিব পৰা মতে, ভূপেন হাজৰিকাৰ আজন্ম প্রেমিক এইগৰাকী সাংবাদিক৷ যিমানেই বতাহ-বৰষুণ বা প্রতিকূল পৰিস্থিতি নহওক, সেই সময়ত ব্যক্তিগত সকলো কর্মক একাষৰীয়া কৰি এনেদৰে এক দায়িত্ব আৰু কর্তব্য হিচাপে পালন কৰি আহিছে৷ ফলত এঘণ্টাৰ বাবে কামপুৰৰ বজাৰ জীপাল হৈ পৰে সুধাকণ্ঠৰ সুমধুৰ গীতৰে৷ তদুপৰি একাংশ লোকৰ ভাষ্য মতে, কামপুৰীয়া ৰাইজ আবেলিৰ উক্ত সময়খিনিৰ বাবে অপেক্ষা কৰি থাকে আৰু বহুতৰ বাবে এই সময়খিনি হৈ পৰে অতি সুমধুৰ৷ উল্লেখ্য যে সমগ্র দেশত লকডাউন চলি থকা সময়ত প্রায় সকলো লোক মানসিকভাৱে দুর্বল হৈ পৰা সময়তো সাংবাদিক সমৰেন্দ্র নাৰায়ণ বৰাই চৰকাৰী নীতি–নিয়মৰ মাজেদি শিল্পীগৰাকীৰ গীত শুনাই বহু লোকৰ মানসিক অৱসাদ দূৰ কৰিছিল৷ আনহাতে, ভূপেন হাজৰিকাৰ অমৰ গীতসমূহ শুনাবৰ বাবে কামপুৰ নগৰৰ ভিন্ন স্থানত খুঁটা স্থাপন কৰি মাইকৰ দ্বাৰা পৰিৱেশন কৰা কার্যক সকলোৱে প্রশংসা কৰিছে সাংবাদিকগৰাকীক৷ এইক্ষেত্রত কামপুৰৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে কয় যে সামাজিক–সাংস্কৃতিক অনুষ্ঠানবোৰত ওতপ্রোতভাৱে জড়িত সাংবাদিক সমৰেন্দ্র নাৰায়ণ বৰাই ভূপেন হাজৰিকাৰ মৃত্যুৰ দিনাৰ পৰাই এনেদৰে মাইকযোগে অমৰ গীতসমূহ পৰিৱেশন কৰি এক সুকীয়া পৰিৱেশ সৃষ্টি কৰিছে৷ তদুপৰি বর্তমান আধুনিকতাৰ ধামখুমীয়াত অসমীয়া নৱপ্রজন্মৰ বাবে ই এক অতি গুৰুত্বপূর্ণ বার্তা প্রেৰণ কৰিছে বুলি অনুভৱ ব্যক্ত কৰাৰ লগতে সাংবাদিকগৰাকীক শলাগ লয়৷ ইফালে, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক এই মহান কর্মৰ বাবে সহায়-সহযোগিতা কৰিবৰ বাবে ভূপেন্দ্র সংগীতপ্রেমীয়ে অনুৰোধ জনায়৷ ২০১১ চনৰ পৰা ধাৰাবাহিকতা ৰক্ষা কৰি সাংবাদিকগৰাকীয়ে এক পৰিৱেশ সৃষ্টি কৰা বাবে কামপুৰীয়া ৰাইজে সাংবাদিক বৰাক ধন্যবাদ জ্ঞাপন কৰিছে৷

প্ৰেৰক কনক হাজৰিকা

You might also like