খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হ’ব সংখ্যালঘু অধ্যুষিত সমষ্টি
নির্বাচনী কুচকাৱাজৰ মাজতে ড০ শর্মাৰ গুৰুত্বপূর্ণ ঘোষণা ডি–লিমিটেচন আয়োগে সলাব ৰাজ্যৰ বিধানসভা সমষ্টিৰ মানচিত্র
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ স্বাধীনতাৰ পাছৰে পৰা ৰাজ্যখনত হৈ থকা অবাধ অনুপ্রৱেশৰ ফলত ইতিমধ্যে অসমত ব্যাপক জনগাঁথনিৰ পৰিৱর্তন হৈছে৷ পৰিস্থিতি এতিয়া এনে পর্যায়ত উপনীত হৈছে যে নামনি অসম আৰু মধ্য অসমত এতিয়া প্রায়সংখ্যক বিধানসভা সমষ্টিতেই খিলঞ্জীয়াই আধিপত্য হেৰুৱাই পেলাইছে৷ নির্বাচনী ফলাফলৰ ক্ষেত্রত এক বিশেষ সম্প্রদায়ে সদায় নির্ণায়ক ভূমিকা পালন কৰি আহিছে৷ সমষ্টিয়ে সমষ্টিয়ে হোৱা এনে জনগাঁথনিৰ পৰিৱর্তনৰ ফলতেই কংগ্রেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদিকে ধৰি প্রায়বোৰ বিৰোধী ৰাজনৈতিক দলেই সেই বিশেষ সম্প্রদায়টোক তুষ্টিৰ জৰিয়তে নির্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা অব্যাহত ৰাখিবলৈ বাধ্য হয়৷ আনকি এনে মানচিত্রৰ বাবেই অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলে গুৰুত্ব লাভ কৰাই নহয়, আধিপত্যও বিস্তাৰত বিশেষ ভূমিকা পালন কৰি আহিছে৷ ফলত নামনি অসম–মধ্য অসমত উপেক্ষিত হৈ পৰিছে খিলঞ্জীয়াসকল৷ অসমত খিলঞ্জীয়াৰ অধিকাৰ আৰু আধিপত্য স্থাপনত গুৰুত্ব দিছে ৰাজ্যৰ শাসক দল বিজেপিয়ে৷ অহা বিধানসভা নির্বাচনৰ পাছতেই হ’বলগীয়া সমষ্টি পুনৰ গঠনৰ জৰিয়তে প্রায় প্রতিটো বিধানসভা সমষ্টিতে খিলঞ্জীয়াৰ আধিপত্য আৰু প্রভুত্ব অক্ষুণ্ণ ৰখাৰ ব্যৱস্থা কৰাৰ নীতি গ্রহণ কৰিছে শাসকীয় দলটোৱে৷ অনাগত দিনত সমষ্টি পুনৰ গঠনৰ জৰিয়তে সমষ্টিসমূহৰ জনবিন্যাসৰ সালসলনি ঘটাই সেইসমূহ সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰিব৷
ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ভাষ্যতেই প্রকাশ পাইছে চৰকাৰৰ সেই চিন্তাচর্চা তথা তৎপৰতাৰ তথ্য৷ কালি নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি অনাগত দিনত সমষ্টি পুনৰ গঠন আয়োগৰ জৰিয়তে হ’বলগীয়া সমষ্টি পুনৰ গঠন প্রক্রিয়াৰ দ্বাৰা সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টিসমূহ খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰা হ’ব৷ নগাঁও জিলাৰ প্রায় সকলো বিধানসভা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰা হ’ব৷ তেওঁ আৰু কয় যে অসম বিধানসভাই এতিয়ালৈ এই সংক্রান্তত যিমানসংখ্যক আইন গৃহীত কৰিছে, সকলো আইন চলিত ২০২১ বর্ষৰ পৰাই বলৱৎ কৰা হ’ব৷ একে সময়তে শিক্ষা আৰু স্বাস্থ্যৰো ব্যাপক প্রসাৰ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷
এই প্রসংগত তেওঁ কংগ্রেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ত্রাণকর্তা হিচাপে তেওঁ বদৰুদ্দিন আজমলক দেখা পোৱা বুলি উল্লেখ কৰি কয় যে সকলোকেইটা দলেই প্রত্যক্ষ আৰু পৰোক্ষভাৱে আজমলক নেতা হিচাপে মানি ৰাজনৈতিক পথাৰত নামি পৰিছে৷ তেওঁলোকৰ আদি আৰু অন্ত আজমলতেই সীমাবদ্ধ৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত আজমল সাম্প্রদায়িক নহয় বুলি কৰা মন্তব্যৰ প্রসংগত তেওঁ কয় যে আজমল সাম্প্রদায়িক নহয় বুলি কংগ্রেছে যিমান চার্টিফিকেট দিছে, এ আই ইউ ডি এফৰ নেতাসকলেও নিজকে সিমান চার্টিফিকেট দিয়া নাই৷
ইপিনে বুধবাৰে ওদালগুৰিতো সাংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই বিৰোধী দলসমূহক কটাক্ষ কৰি কয় যে এতিয়া তেওঁলোকে সংখ্যালঘুৰ মাজলৈ ক্রীম–দৈ লৈ গৈ আছে৷ মছজিদলৈ সকলো দৌৰি আছে৷ মছজিদলৈ দৌৰি দৌৰি মন্দিৰ পাহৰিছে৷ লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ দলকো তীব্র কটাক্ষ কৰি মন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকৰ এনে এখন সভাৰ ভিডি’ দেখুৱাওক, য’ত ১০ হাজাৰ মানুহ একগোট হৈছে৷ অৱশ্যে গৰৈমাৰী, যমুনামুখ আদিত তেওঁলোকৰ সভাত ১০ হাজাৰ মানুহ গোট খোৱাটো বেলেগ কথা৷ মন কৰিবলগীয়া এয়ে যে বর্তমানৰ বিধাসনভা সমষ্টিসমূহত ইতিমধ্যে হোৱা জনগাঁথনিৰ পৰিৱর্তনৰ বাবেই এক বিশেষ সম্প্রদায়ৰ লোকৰ ওপৰত ৰাজনৈতিক দলসমূহ নির্ভৰশীল হ’বলগীয়া হৈ আহিছে৷ এক কথাত ক’ব লাগিলে একমাত্র ভোটৰ অংকৰ স্বার্থতেই ৰাজনৈতিক দলসমূহে নামনি অসম আৰু মধ্য অসমত খিলঞ্জীয়াক অৱজ্ঞা কৰি সেই বিশেষ সম্প্রদায়টোক দশকৰ পাছত দশকজুৰি অধিক গুৰুত্ব দিবলগীয়া হৈ আহিছে৷ অসমৰ ৰাজনীতিত তাৰেই পূর্ণ সুযোগ গ্রহণ কৰি আহিছে পূর্বৰ ইউ এম এফ দলৰ পৰা আৰম্ভ কৰি বর্তমানৰ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে৷ এতিয়া সমষ্টি পুনৰ গঠন আয়োগৰ জৰিয়তে প্রতিটো সমষ্টিতে জনবিন্যাসৰ সালসলনি ঘটাই প্রায়বোৰ সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ তৎপৰ হৈছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে৷ অহা বিধানসভা নির্বাচনৰ পাছতেই ৰাজ্যত পুনৰ সমষ্টি পুনৰ গঠনৰ কাম আৰম্ভ হ’ব৷ মন্ত্রী ড০ শর্মাই প্রকাশ কৰাৰ দৰে যদিহে সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহ খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰা হয়, তেন্তে অনাগত দিনত উজনি অসমৰ দৰে নামনি অসম আৰু মধ্য অসমতো স্বাভাৱিকতে আধিপত্য বিস্তাৰ কৰিব খিলঞ্জীয়াই৷ তেনে পৰিস্থিতিত ৰাজ্যৰ ৰাজনীতিত ইমানদিনে প্রভুত্ব খটুৱাই অহা ইউ এম এফ, এ আই ইউ ডি এফ আদি শক্তি অপ্রাসংগিক হৈ পৰাই নহয়, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপন কৰিব বিচৰা শক্তিৰ লগতে মিঞা বিদ্যালয় স্থাপন, মিঞা কবিতা ৰচনা কৰা আদি শক্তিসমূহো অতি স্বাভাৱিকভাৱে অদৃশ্য হৈ পৰিব৷ অৱশ্যে ইয়াক বাস্তৱ ৰূপ দিয়াত বিজেপি কিমান সফল হয়, সেয়া সমষ্টি পুনৰ গঠনৰ পাছত সমষ্টিসমূহৰ মানচিত্রইহে সকলো পৰিষ্কাৰ কৰিব৷
পাঁচটা বছৰত অসম শান্তিৰ নতুন দিগন্তলৈ ৰূপান্তৰ হৈছেঃ ড০ শর্মা
যোৱা ৫টা বছৰত বর্তমানৰ চৰকাৰখনে ৰাজ্যখনত শান্তিৰ নতুন দিগন্তলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে৷ –এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি নগাঁৱত ৭২সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি ভাষণত মন্ত্রী ড০ শর্মাই কয় যে ১৯৬৭ চনৰ পৰা উদয়াচল দাবীৰ পৰা আৰম্ভ কৰি পৃথক বড়োলেণ্ডলৈকে অসম বিভাজনৰ দাবীত হোৱা আন্দোলনবোৰ ৰাজ্যখনত অশান্তিৰ স্থায়ী কাৰণ হৈ পৰিছিল৷ ২০২০ চনত বি টি আৰ চুক্তি স্বাক্ষৰৰ পাছত শান্তি উভতি আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে সাহসেৰে অসমৰ ৰাইজৰ মৰম আৰু স্নেহ বুকুত লৈ বি টি আৰ চুক্তি সম্পাদন কৰি বড়োভূমিত শান্তি আৰু প্রগতিৰ নতুন পৰিৱেশ সৃষ্টি কৰিলে৷ সন্ত্রাসবাদে সৃষ্টি কৰা পৰিস্থিতিৰ অৱসান ঘটাই এক আন্দোলনমুক্ত পৰিৱেশত ৰাজ্যখনে ৫ বছৰত উন্নয়ন আৰু বিকাশৰ নতুন মাইল স্তম্ভ স্পর্শ কৰিবলৈ সক্ষম হৈছে৷ ৫টা বছৰত ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্রখনত ভাবিব নোৱাৰা ধৰণে পৰিৱর্তন হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ছাত্র–ছাত্রীক বিনামূলীয়া নামভর্তি, বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ লগতে বিদ্যালয়, মহাবিদ্যালয় প্রাদেশিকীকৰণ, হাজাৰ হাজাৰ যুৱক–যুৱতীক স্বচ্ছভাৱে নিযুক্তি দিয়াকে ধৰি বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে৷ এই সময়ছোৱাত গেছ ক্রেকাৰ প্রকল্প সম্পূর্ণ হ’ল৷ নুমলীগড় ৰিফাইনেৰীত বাঁহৰ পৰা ইথানলৰ দৰে ইন্ধন প্রস্তুতৰ কামো দ্রুতগতিত আগবাঢ়িছে৷ ৰূপসীত নতুনকৈ বিমানবন্দৰ নির্মাণৰ কাম বাস্তৱত ৰূপায়িত হ’ল৷ অসম মালাৰ দৰে ৫ হাজাৰ কিলোমিটাৰ পথ নির্মাণৰ পৰিকল্পনাই অসমক অগ্রগতিৰ নতুন দিগন্তলৈ লৈ গ’ল৷ ৰাজ্যৰ লোকনির্মাণ বিভাগে যোৱা তিনিটা বছৰত প্রতিবছৰে ৮ হাজাৰ কিলোমিটাৰকৈ পথ নির্মাণ কৰি মুঠ ২৪ হাজাৰ কিলোমিটাৰ নির্মাণেৰে নতুন অভিলেখ সৃষ্টি কৰিছে৷ কালিও প্রধানমন্ত্রী গ্রাম চড়ক আঁচনিৰ অধীনত পথ নির্মাণৰ বাবে ১,৯০০ কোটি টকা অনুমোদন লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এই বছৰ তিনি হাজাৰ কোটি টকা নতুন পথ নির্মাণৰ বাবে অনুমোদন দিছে৷