নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছকে ধৰি আন দলৰ নেতালৈ বিজেপিৰ ৰঙা দলিচা

নতুন সদস্যভুক্তিৰ বাবে স্ক্রীনিং কমিটী গঠন

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ প্রাক্তন মন্ত্রী তথা গোলাঘাট সমষ্টিৰ সদ্যপদত্যাগী বিধায়িকা অজন্তা নেওগ, লক্ষীপুৰৰ বিধায়ক ৰাজদীপ গোৱালাৰ লগতে সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তির্কীয়েও বিজেপিত যোগদানৰ বাবে যোগাযোগ চলাইছিল৷ অজন্তা নেওগ আৰু ৰাজদীপ গোৱালাই কালি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাতৰ পাছতেই অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকে দুয়োগৰাকী কংগ্রেছীক বিজেপিত যোগদান কৰোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ অহা দুই–চাৰি দিনৰ ভিতৰতে তেওঁলোক দুয়ো আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰিব৷ কিন্তু একে সময়তে বিজেপিত যোগদানৰ বাবে আগ্রহ প্রকাশ কৰা সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তির্কীৰ গেৰুৱা বসন পৰিধানৰ সপোন অপূর্ণ হৈ ৰ’ল৷ এই সম্পর্কত আজি সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে ৰ’জলীনা তির্কীক বিজেপিলৈ অহাৰ ক্ষেত্রত সৰুপথাৰ সমষ্টিৰ বিজেপিৰ তিনিখন মণ্ডল কমিটীয়ে আপত্তি দর্শায়৷ ইয়াৰ পৰিপ্রেক্ষিততে ৰ’জলীনা তির্কীক বিজেপিলৈ আনিব বিচৰা নাই৷ তিনিখনকৈ মণ্ডল কমিটীৰ আপত্তিৰ পৰিপ্রেক্ষিতত ৰাজ্যিক সভাপতি হিচাপে তেওঁ নিজেও ৰ’জলীনা তির্কীক বিজেপিলৈ অহাৰ ক্ষেত্রত আপত্তি জনাইছে৷ মন কৰিবলগীয়া এয়ে যে অজন্তা নেওগ, ৰাজদীপ গোৱালাৰ লগতে আন বহু কংগ্রেছ বিধায়কৰ দৰে সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তির্কীয়েও বিজেপিত যোগদান কৰিব বুলি যোৱা দিনকেইটাত ৰাজনৈতিক মহলত ব্যাপক চর্চা চলে৷ পৰৱর্তী পর্যায়ত বিধায়িকা তির্কীৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰায়ো তেওঁ কংগ্রেছ ত্যাগ নকৰে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ পিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আজি প্রকাশ কৰা বক্তব্যৰ পাছতেই স্পষ্ট ৰূপত ওলাই পৰিছে ৰ’জলীনা তির্কীয়ে কংগ্রেছ এৰি নাযায় বুলি পৰৱর্তী পর্যায়ত দিয়া স্পষ্টীকৰণৰ আঁৰৰ কাহিনী৷ সমষ্টিটোৰ বিজেপি কর্মীয়ে তেওঁক আদৰি ল’ব নিবিচৰা বাবেই যে তেওঁ কংগ্রেছতে থাকিব বুলি প্রকাশ কৰিছে, সেয়া স্পষ্ট হৈ পৰাৰ লগতে তেওঁৰ বিজেপি গমনক লৈ হোৱা চর্চা যে মিছা নাছিল, সেইটোও ওলাই পৰিছে৷ ইপিনে অজন্তা নেওগ বা ৰাজদীপ গোৱালাই নহয়, কংগ্রেছকে ধৰি বিৰোধীৰ সকলো নেতাৰ বাবে বিজেপিয়ে দুৱাৰ মুকলি কৰি ৰাখিছে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মুখেৰেই প্রকাশ পাইছে সেই কথা৷ সভাপতি দাসে প্রকাশ কৰা অনুসৰি ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে এখন স্ক্রীনিং কমিটী গঠন কৰি দিছে৷ সেই কমিটীয়ে অন্যান্য দলৰ পৰা বিজেপিলৈ আহিব বিচৰা লোকসকলৰ সকলো দিশ চালি–জাৰি চাব৷ সেই স্ক্রীনিং কমিটীয়ে সকলো দিশ চোৱাৰ পাছত যদিহে সংশ্লিষ্ট ব্যক্তিগৰাকীক বিজেপিত যোগদানৰ বাবে অনুমোদন জনায়, তেতিয়াহ’লে বিজেপিয়ে আদৰি ল’ব৷ মুঠতে অহা বিধানসভা নির্বাচনৰ দিন–বাৰ ঘোষণাৰ পূর্বেই বিজেপিয়ে ৰাজ্যখনত বিৰোধীক দুর্বল কৰাই নহয়, নিঃশেষ কৰাৰো আন এক পৰিকল্পনা যুগুতাইছে৷ যি পৰিকল্পনাৰ অংশ হিচাপে বিৰোধীৰ শক্তিশালী নেতা–কর্মীসকলক বিজেপিলৈ অনাৰ বাবে গ্রহণ কৰিছে এই বিশেষ পদক্ষেপ৷

You might also like