নিজৰ ভুলতে পৰাজয় হ’ল মহাজোঁটৰঃ ফলাফলৰ পিছত সৰৱ চিপিআই
নিয়মীয়া বাৰ্তা ৮ মেঃ নিজৰ ভুলৰ বাবেই অসম বিধানসভা নির্বাচনত মহাজোঁটে পৰাজয়বৰণ কৰিবলগীয়া হ’ল বুলি প্রকাশ কৰিছে চিপিআইৰ অসম ৰাজ্যিক পৰিষদে৷ শেহতীয়া নির্বাচনৰ ফলাফল সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি এক প্রেছ বিজ্ঞপ্তিত চিপিআইৰ অসম ৰাজ্যিক পৰিষদৰ সম্পাদক মুনীন মহন্তই কয় যে ৰাজ্যখনত মহাজোঁটৰ জয়লাভ কৰাৰ পৰিস্থিতি আৰু সম্ভাৱনা আছিল৷ কিন্তু নিজৰ ভুল আৰু নৱগঠিত অসম জাতীয় পৰিষদ তথা ৰাইজৰ দলৰ বাবে বিৰোধী ভোট বিভাজন হোৱাত মহাজোঁট পৰাস্ত হ’বলগীয়া হ’ল৷ নির্বাচনী ফলাফলৰ পিছত মহাজোঁটৰ বিভিন্ন ভুলক লৈ সৰৱ হৈ পৰা মহন্তই কয়– ‘এই মর্চা গঠন কৰাত যথেষ্ট পলম হ’ল৷
তদুপৰি ৰাজ্যৰ বুদ্ধিজীৱীসকলে কৈ থকাৰ পিছতো নূ্যনতম কর্মসূচীৰ ভিত্তিত এই মর্চা গঠনৰ বাবে নেতৃত্ব গ্রহণ কৰা কংগ্রেছ প্রার্থীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ মহাজোঁটৰ অন্তর্ভুক্ত আন দলবোৰৰ পৰাও ইয়াৰ বাবে কোনো বক্তব্য আগবঢ়োৱা দেখা নগ’ল৷ সমন্বয়ৰক্ষী সমিতিৰ কথা ঘোষণা কৰা হৈছিল যদিও ঐক্যবদ্ধভাৱে প্রচাৰ আৰু আন কাম কৰা পৰিলক্ষিত নহ’ল৷ কেৱল আসন ভাগ–বাটোৱাৰা কৰাহে হ’ল৷ প্রকৃতার্থত মর্চা গঠনৰ নীতি সম্পূর্ণকৈ পালন কৰা নহ’ল৷’
ইফালে, এই নির্বাচনত বিজেপিয়ে সমগ্র প্রচাৰ অভিযান সাম্প্রদায়িকতা, ব্যক্তিগত গালি–গালাজ আৰু হিতাধিকাৰীৰ ৰাজনীতিৰ ওপৰত চলালে বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্রেছ পার্টীয়ে পাঁচটা গেৰাণ্টীৰ কথা কৈ হিতাধিকাৰী ৰাজনীতিৰ জালত পৰিল৷ ফলত বিজেপিয়ে আগবঢ়োৱা আকর্ষণীয় প্রস্তাৱত অসচেতন ৰাইজ অধিক আকর্ষিত হ’ল দলটোৰ প্রতি৷ এই নির্বাচনত ৰাজ্যখনৰ অর্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাৱলী সমাধানৰ কথা উল্লেখ কৰা নহ’ল৷ বিদেশী বিতাড়ন, নাগৰিকত্ব সংশোধনী আইন, নাগৰিকপঞ্জী, অসম চুক্তি ৬ নম্বৰ দফা, বান–খহনীয়া আদিৰ দৰে গুৰুতৰ সমস্যাই দলসমূহৰ প্রচাৰ অভিযানত স্থান নাপালে৷
বিজেপিৰ অগণতান্ত্রিক, সাম্প্রদায়িক প্রচাৰৰ যথার্থ প্রত্যুত্তৰ দিয়াত মহাজোঁটৰ নেতৃত্ব ব্যর্থ হ’ল বুলি উল্লেখ কৰি মহন্তই কয়–‘নির্বাচনী সংস্কাৰ অতি জৰুৰী হৈ পৰিছে৷ নির্বাচনৰ সময়ত অসাংবিধানিক, অগণতান্ত্রিক প্রচাৰ আৰু ধনবলৰ প্রয়োগ ব্যাপকভাৱে চলিছিল৷ মহাজোঁটে ৪৩ শতাংশ আৰু মিত্রজোঁটে ৪১ শতাংশ ভোট লাভ কৰিছে৷ এআইইউডিএফে আগতকৈ কম ভোট পাইছে, কিন্তু তেওঁলোকৰ আসন বৃদ্ধি হৈছে৷ জনপ্রতিনিধি আইনৰ ব্যাপক সংশোধনী কৰাৰ সময় আহি পৰিছে৷’