নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন পর্যায়লৈ ৰাজ্যখনক লৈ নাযাব

ক’ভিড কেয়াৰ চেণ্টাৰ পৰিদর্শন সোণোৱালৰ

নিয়মীয়া বাৰ্তা ৮ মেঃ অসমত ক’ৰোনাৰ সংক্রমণে সৃষ্টি কৰা ভয়াৱহ পৰিৱেশৰ মাজতে শুকুৰবাৰে পুনৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ৰাজ্যবাসীৰ আহ্বান– ৰাজ্যখনক লকডাউনৰ পর্যায়লৈ লৈ নাযাব৷ ক্রমাৎ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে মাৰাত্মক ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি হ’বলৈ লৈছে৷ ইয়াৰ মাজতে স্বাস্থ্য বিভাগে জাৰি কৰা ক’ভিড প্রট’কল একাংশই উলংঘা কৰাৰো অভিযোগ উঠিছে৷ সংক্রমণ বৃদ্ধিয়ে ক্রমাৎ ৰাজ্যখনক লকডাউনৰ দিশলৈ নিয়াৰ সম্ভাৱনাও বৃদ্ধি হৈছে৷ মুখ্যমন্ত্রী সোণোৱালে  এই দিশটোকো আঙুলিয়াই কয়– জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে সংক্রমণ প্রতিৰোধৰ বাবে যি ব্যৱস্থা গ্রহণ কৰিছে, সেই ব্যৱস্থাসমূহ সকলোৱে অনুকৰণ কৰাটো বর্তমান সময়ত প্রয়োজনীয় কথা৷ শৃংখলাবদ্ধতা আৰু সতর্কতাইহে আমাৰ জীৱন ৰক্ষা কৰিব পাৰিব৷ কিন্তু ক’ভিড প্রট’কল উলংঘা কৰিলে ৰাজ্যত সংক্রমণ অধিক বৃদ্ধি পাব৷ সেয়েহে ৰাজ্যৰ প্রতিজন নাগৰিকলৈ আহ্বান– লকডাউনৰ পর্যায়লৈ ৰাজ্যখনক লৈ নাযাব৷

উল্লেখ্য যে শুকুৰবাৰে মুখ্যমন্ত্রী সোণোৱালে সৰুসজাই ক্রীড়া প্রকল্প আৰু ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত স্থাপন কৰা ক’ভিড কেয়াৰ চেণ্টাৰ পৰিদর্শন কৰে৷ এই তেওঁ চিকিৎসাৰ আন্তঃগাঁথনিকে ধৰি ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে সবিশেষ বুজ লয়৷ সাংবাদিকৰ সৈতে হোৱা বার্তালাপত তেওঁ কয় যে ক’ভিড সংক্রমণ ৰোধ আৰু ক’ভিড ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে সকলোধৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷ সমগ্র ৰাজ্যখনৰ জিলা প্রশাসনসমূহে জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ কাম কৰি আহিছে৷ পৰিস্থিতি যে ভয়াৱহ, সেই কথা আমি উপলব্ধি কৰিব লাগিব আৰু ক’ভিড সংক্রমণ যিকোনো প্রকাৰে নিয়ন্ত্রণ কৰিব লাগিব৷ এইক্ষেত্রত সকলো শ্রেণীৰ ৰাইজৰ সহযোগ লাগিব৷ স্বাস্থ্য বিভাগে জাৰি কৰা নীতি–নিয়মসমূহ মানি চলাৰ কোনো বিকল্প নাই৷ বর্তমান ক’ৰোনা আক্রান্তৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ লগতে চাহ বাগিচা অঞ্চলতো সংক্রমণ বাঢ়িছে৷

মুখ্যমন্ত্রীয়ে সাংবাদিকসকলক ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়৷ অসমৰ ৰাইজক ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা কৰাটো এক মানৱীয় দায়িত্ব বুলি উল্লেখ কৰি এইক্ষেত্রত সকলোৱে যৌথভাৱে ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব লাগিব বুলিও মন্তব্য কৰে৷ আজিৰ এই পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রীক সংগ দিয়ে আইন উপদেষ্টা শান্তনু ভৰালী, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়াই৷

You might also like