নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসংখ্যা নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে ল’ব বিশেষ নীতি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ৩০ জুনঃ জনসংখ্যা নিয়ন্ত্রণৰ ক্ষেত্রত চৰকাৰে অচিৰে গ্রহণ কৰিব এক বিশেষ নীতি৷ ইয়াৰ বাবে সকলো দিশ পর্যালোচনা কৰি চৰকাৰে গ্রহণ কৰিব কঠোৰ কার্যব্যৱস্থা৷ মঙলবাৰে এই কথা প্রকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যিক বিজেপিৰ কার্যনির্বাহকত অংশগ্রহণৰ পিছতে সাংবাদিকৰে সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীগৰাকীয়ে কয়– চৰকাৰে ইনচেটিভ আৰু ডিছইনচেনটিভ এই দুটা ভাগত জনসংখ্যা নিয়ন্ত্রণৰ পদক্ষেপ ল’ব৷ ইতিমধ্যে বিধানসভাত ডিছইনচেনটিভ পর্যায়ত জনসংখ্যা নিয়ন্ত্রণৰ বাবে কিছু নীতি–নিয়ম গ্রহণ কৰা হৈছে৷ পঞ্চায়ত নির্বাচনত দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰা ধৰণৰ নিয়ম বলৱৎ কৰা হৈছে৷ ইনচেনটিভ পর্যায়ত চৰকাৰে সকলো পক্ষৰ সৈতে আলোচনা কৰাৰ পিছত কিছু সিদ্ধান্ত গ্রহণ কৰিব৷

ইফালে, চৰকাৰৰ জনসংখ্যা নীতিক লৈ বিৰোধী কংগ্রেছ আৰু এ আই ইউ ডি এফে কৰা প্রতিক্রিয়া সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– এই পদক্ষেপ সংখ্যালঘু সম্প্রদায়ৰ আর্থ–সামাজিক উন্নয়নৰ বাবে লোৱা হৈছে৷ দৰিদ্রতাৰ পৰা মুক্তি লাভ কৰা আৰু অশিক্ষিত বাতাৱৰণৰ পৰা উলিয়াই অনাৰ বাবে এইধৰণৰ পদক্ষেপ লোৱা হৈছে৷ মই ভাবোঁ, ইয়াক লৈ সংখ্যালঘু সমাজত কোনোধৰণৰ বিৰোধিতাৰ সৃষ্টি নহ’ব৷ ইতিমধ্যে সদৌ সংখ্যালঘু ছাত্র সন্থাৰ দুয়োটা ফৈদৰ সৈতে মই দুবাৰকৈ আলোচনাত মিলিত হৈছোঁ৷ তেওঁলোকে মুকলিকৈ চৰকাৰৰ এই জনসংখ্যা নীতিক আদৰণি জনাইছে আৰু স্বীকাৰ কৰিছে যে মুছলমান লোকৰ জনসংখ্যা ৰোধৰ বাবে এই পদক্ষেপৰ প্রয়োজন৷ চৰকাৰৰ এই নীতিক সকলো ধৰণেৰে সমর্থন জনাব বুলি অৱগত কৰিছে৷ মই আগন্তুক জুলাই মাহত ডেৰশ মুছলমান সংগঠনৰ সৈতে আলোচনাত মিলিত হ’ম আৰু মই নিশ্চিত যে তেওঁলোকে অসম চৰকাৰৰ জনসংখ্যা নীতিক পূর্ণ সমর্থন জনাব৷ চৰকাৰে মুছলমান সংগঠনৰ লগতে তেওঁলোকৰ বুদ্ধিজীৱী আৰু চিন্তাবিদসকলৰ সৈতে আলোচনাত মিলিত হ’ব৷ চৰকাৰে সেই সম্প্রদায়টোৰ উন্নয়নৰ বাবেহে কাম কৰিব বিচাৰিছে৷ গতিকে মই ভাবোঁ, ইয়াত মুছলমান সম্প্রদায়ে পূর্ণ সমর্থন আগবঢ়াব৷
বিপিএফৰ সৈতে মিত্রতা সন্দর্ভত হোৱা নাই আলোচনা
শেহতীয়াকৈ মহাজোঁট এৰি মিত্রজোঁটত চামিল হ’বলৈ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে বিশেষ তৎপৰ হোৱা বুলি চলা চর্চা সন্দর্ভত আজি প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীক অলপতে হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ বিধায়িনী দলে সাক্ষাৎ কৰা সময়ত এনে বিষয়ক লৈ আলোচনা হোৱা বুলি বিপিএফৰ পৰা কৰা মন্তব্যত প্রতিক্রিয়া প্রকাশ কৰি মঙলবাৰে মুখ্যমন্ত্রী ড০ শর্মাই কয়– মই তেনেকুৱা কথা শুনা নাই৷ মই অৱগত নহয় যে তেনেকুৱা প্রস্তাৱ আমাৰ ওচৰলৈ আহিছে৷

যদি প্রস্তাৱ আহিলহেঁতেন, মই প্রথমেই গম পালোঁহেঁতেন৷ যিহেতু তেনেধৰণৰ বিষয়ক লৈ কোনো আলোচনা হোৱা নাই, গতিকে এইক্ষেত্রত মোৰ বক্তব্যৰ প্রয়োজন নাই৷ কিন্তু চৰকাৰ এখন চলোৱাৰ বাবে সকলো পক্ষৰ সহযোগিতাৰ প্রয়োজন৷ যি ৰাজনৈতিক দলে আমাক সহযোগিতাৰ আশ্বাস দিয়ে, তাক আদৰণি জনাম৷ ৰাজনৈতিক মিত্রতা এটা বেলেগ কথা৷ প্রস্তাৱ পালেহে সেই বিষয়ে আলোচনা কৰিব পাৰি৷ প্রস্তাৱ নাপালে তাৰ ওপৰত বক্তব্য দিয়াটো উচিত নহয়৷

You might also like