নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগে জব্দ কৰা কাঠ বিক্ৰী কৰাৰ অভিযোগত হোজাইৰ বন সুৰক্ষা বিষয়া মহেশ নাথক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিল: সৰিয়হৰ ডুলিতে ভূত৷ চোৰাং কাঠ বিক্ৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হয় হোজাই বন সুৰক্ষা বিষয়া মহেশ নাথ৷ নীলবাগানত যোৱা চাৰি এপ্ৰিলত আৰক্ষীয়ে জব্দ কৰা চোৰাং কাঠ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ তদন্তৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হোজাই বন সুৰক্ষা বিষয়া মহেশ নাথক৷ আজি মহেশ নাথক আদালতত হাজিৰ কৰাৰ পিছত শংকৰদেৱনগৰ আদালতে পুনৰ প্ৰেৰণ কৰিলে পাঁচদিনৰ আৰক্ষীৰ জিম্মালৈ৷ উল্লেখ্য যে, সেই নিশা নীলবাগানত অভিযান চলাই জব্দ কৰিছিল দুই টাটা মোবাইল চোৰাং কাঠ৷ দুজন বন মাফিয়াই দুখন টাটা মোবাইলেৰে নি থকা অৱস্থাত হোজাই আৰক্ষীয়ে অভিযান চলাই তিনি বন মাফিয়াক আটক কৰিছিল । আটকাধিন বন মাফিয়াই উক্ত কাঠখিনি মহেশ নাথে চমজাই দিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়াৰ পিছতে আৰক্ষীয়ে বন মাফিয়াক জেললৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছিল তদন্ত৷আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে, নীলবাগানত বন মাফিয়াৰ পৰা জব্দ কৰা কাঠখিনি আছিল বন সুৰক্ষা বিভাগে আগ দিনা কাকীৰ ডিফলুত জব্দ কৰা কাঠ৷ সেই কাঠ খিনি হোজাই বন সুৰক্ষা বিষয়া মহেশ নাথেই জব্দ কৰিছিল । জব্দ কৰা বৃহৎ পৰিমানৰ কাঠৰ মাজৰ পৰা কিছু কাঠ বন মাফিয়াক উচৰত বিক্ৰী কৰিছিল মহেশ নাথে৷ তাৰ পিছতে হোজাই থানাত গোচৰ ৰুজু হয় হোজাই বন সুৰক্ষা বিষয়া মহেশ নাথৰ বিৰুদ্ধে৷ আজি উক্ত গোচৰৰ তদন্তৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহেশ নাথক৷ সোধপোছৰ অন্তত মহেশ নাথক শংকৰদেৱনগৰ আদালতত হাজিৰ কৰাত আদালতে পাঁচদিনৰ বাবে মহেশ নাথক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ ইফালে অৱসৰলৈ মাত্ৰ দুটা বছৰ থকা নাথ ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য কৰে । উল্লেখ্য যে, বিগত পাঁচ মাহে নাথৰ নেতৃত্বত পঁচিশ টা অবৈধ কাঠ ফলা মিল আৰু কেইবা লক্ষ টকাৰ মূল্যবান চোৰাং কাঠ জব্দ কৰিছিল ।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like