নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রশ্নকাকতৰ টোপোলা খুলি দিয়াৰ বাবদ ৪০ লাখ লোৱাৰ কথা স্বীকাৰ সঞ্জীত কৃষ্ণৰ

ৰুবুল–সৰোজৰ মুখামুখিকৈ জেৰা কৰিমগঞ্জৰ পূর্বৰ এছপিক

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ  ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ এছআই নিযুক্তি কেলেংকাৰিত জড়িত থকাৰ কথা অৱশেষত স্বীকাৰ কৰে কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই৷ বিতর্কিত আৰক্ষী অধীক্ষকজনে ৪০ লাখ টকাৰ বিনিময়ত অক্ষয় টেলিকমিউনিকেচনৰ অংশীদাৰ ৰুবুল আলী ওৰফে ৰুবুল হাজৰিকাক এছআই পদৰ পৰীক্ষাৰ প্রশ্নকাকত ম’বাইল ফোনেৰে ফটো তুলিবলৈ দিয়াৰ চুক্তি কৰিছিল৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনত গোপনে ট্রাংক খুলি প্রশ্ণকাকতৰ ফটো তুলিবলৈ দিয়াৰ বাবদ ৰুবুল হাজৰিকাৰ পৰা ৪০ লাখ টকা লৈছিল কুমাৰ সঞ্জীত কৃষ্ণই৷ চিআইডিৰ কার্যালয়ত এছআই পদৰ নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত ৰুবুল হাজৰিকা আৰু ৰুবুলৰ ঘনিষ্ঠ সৰোজ শর্মাৰ সৈতে শুকুৰবাৰে সঞ্জীত কৃষ্ণক মুখামুখিকৈ বহুৱাই জেৰা কৰাত তদন্তকাৰী বিষয়াৰ আগত এই বিস্ফোৰক স্বীকাৰোক্তি প্রদান কৰে আৰক্ষী বিষয়াজনে৷ আৰক্ষীৰ এক সূত্রই জনোৱা মতে, এছআই পদৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক (আইন–শৃংখলা) জি পি সিং, চিআইডিৰ মহাপৰিদর্শক সুৰেন্দ্র কুমাৰে আজি কুমাৰ সঞ্জীত কৃষ্ণসহ তিনিওজনকে মাৰাথন জেৰা চলায়৷ জেৰাত সঞ্জীত কৃষ্ণই ৪০ লাখ টকাৰ বিনিময়ত ৰুবুল হাজৰিকাক এছআই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ম’বাইল ফোনেৰে ফটো তুলিবলৈ দিয়াৰ কথা স্বীকাৰ কৰে৷ আৰক্ষী সূত্রটোৱে জনোৱা মতে, গুৱাহাটীৰ পৰা এছআই পদৰ প্রশ্নকাকত কঢ়িয়াই নিয়া কৰিমগঞ্জৰ আৰক্ষী ছাউনীৰ বিষয়াক ফোন কৰিছিল সঞ্জীত কৃষ্ণৰ দেহৰক্ষীয়ে৷ দেহৰক্ষীজনে ফোন কৰি প্রশ্ণকাকতৰ ট্রাংকটো আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনলৈ লৈ যাবলৈ কৈছিল৷ নিশা প্রায় ১০.৩০ বজাত গুৱাহাটীৰ পৰা প্রশ্নকাকত লৈ যোৱা গাড়ীখন সঞ্জীত কৃষ্ণৰ চৰকাৰী বাসভৱন গৈ পাইছিল৷ সেই সময়ত অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰ অক্ষয় চান্দ বৈদ্যৰ ইন’ভা গাড়ীখনেৰে গৈ আৰক্ষী অধীক্ষকজনৰ বাসভৱনত উপস্থিত হৈছিল দালাল ৰুবুল হাজৰিকা৷ তাতেই ট্রাংকৰ পৰা প্রশ্ণকাকত উলিয়াই ফটো তুলিছিল ৰুবুল হাজৰিকাই৷ এই সমগ্র দুষ্কার্য সংঘটিত হৈছিল যোৱা ১৮ ছেপ্টেম্বৰৰ নিশা৷ সেই নিশা ৰুবুল হাজৰিকা আৰু অক্ষয় চান্দ বৈদ্যৰ গাড়ীচালকজন আৰক্ষী অতিথিশালাত আছিল৷ আৰক্ষী সূত্রটোৱে জনোৱা মতে কৰিমগঞ্জৰ দুটা কেন্দ্রত অনুষ্ঠিত হৈছিল এছআই পদৰ পৰীক্ষা৷ ইফালে এছআই পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্তই নিজৰ হোটেলত এছআই পদৰ ‘ৰিহার্চেল’ পৰীক্ষা পতা হৈছিল বুলি আজি কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিস্ফোৰক জবানবন্দী দিয়ে৷

উল্লেখ্য যে এছআই পদৰ নিযুক্তি কেলেংকাৰি সংক্রান্তত ৰুজু কৰা ২১/২০২০ নম্বৰ গোচৰটোৰ চিআইডিৰ তদন্তকাৰী বিষয়াই দুর্নীতিৰ সদাগৰ পি কে দত্তক শুকুৰবাৰে কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়৷ আদালতত চিআৰপিচিৰ ১৬৪ ধাৰাত দত্তৰ জবানবন্দী লোৱা হয়৷ ইফালে, এছআই পদৰ নিযুক্তি কেলেংকাৰিত কালি চিআইডিয়ে গ্রেপ্তাৰ কৰা কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷ চিআইডিৰ তদন্তকাৰী বিষয়াই আদালতত হাজিৰ কৰি সঞ্জীত কৃষ্ণক ৭ দিনৰ জিম্মাত বিচাৰে৷ অৱশ্যে আদালতে সঞ্জীত কৃষ্ণক ৫ দিনৰ চিআইডিৰ জিম্মালৈ প্রেৰণ কৰে৷ ইফালে, উক্ত গোচৰত ইতিমধ্যে গ্রেপ্তাৰ হোৱা তথা ৬ দিনৰ বাবে চিআইডিৰ জিম্মাত থকা দালাল ৰুবুল হাজৰিকা আৰু সৰোজ শর্মাকো আদালতত হাজিৰ কৰা হয়৷ চিআইডিয়ে দুয়োকে পুনৰ জিম্মাত বিচাৰি আবেদন জনোৱাত আদালতে দুয়োজনকে পুনৰ পাঁচ দিনৰ জিম্মালৈ প্রেৰণ কৰে৷ ইফালে এছআই নিযুক্তি কেলেংকাৰিত সাঙোৰ খাই পৰা কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্রশান্ত কুমাৰ দত্তই আজি চৰকাৰী বাসগৃহত উপস্থিত হয়৷ উল্লেখ্য যে এছআই নিযুক্তি কেলেংকাৰিৰ ঘটনা ফাদিল হোৱাৰ পিছৰে পৰা দত্ত কার্যালয় আৰু চৰকাৰী বাসভৱনত উপস্থিত নাছিল৷ উক্ত কেলেংকাৰি গোচৰত দত্তক চিআইডিয়ে অচিৰেই জেৰা কৰাৰ সম্ভাৱনা আছে৷

You might also like