নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ ধুবুৰীসহ জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰায় মুকলিকৈ চুলাই আৰু বিলাতী সুৰাৰ অৱৈধ ঘাটি চলি থকাৰ দীৰ্ঘদিনীয়া এক অভিযোগ আছে। সমান্তৰালকৈ বিষয়টো লৈ ধুবুৰীৰ আৱকাৰী বিভাগৰ স্থিতিকলৈও উত্থাপিত হোৱা পোৱা গৈছে প্ৰশ্নৰ। চৰ্চা অনুসৰি, জিলাখনৰ সদৰ খোদ ধুবুৰী চহৰৰ গাড়ীখানা ৰোড, পঞ্চুঘাট, বি.অ’.চি., লোকনাথ গ’লি, আউট চিগনেল আদি বিভিন্ন অঞ্চলত কেইবাটাও অৱৈধ চুলাই মদৰ ঘাটি সক্ৰিয় হৈ আছে৷ আনকি কোনো ধৰণৰ চৰকাৰী অনুজ্ঞা পত্ৰবিহীন ভাৱেই চহৰখন বিভিন্ন অঞ্চলত একাংশই দীৰ্ঘদিনৰ পৰাই গোপনে বিলাতী মদৰ ব্যৱসায়ৰ চলাই অহা বুলিও এক অভিযোগো সময়ে সময়ে উত্থাপিত হৈ আহিছে। আনকি, “ড্ৰাই ডে”ৰ দিন এটাতো ধুবুৰীৰ কোনটো অবৈধ সুৰাৰ ঘাটিৰ পৰা কোনটো ব্ৰেণ্ডৰ বিলাতী মদ কিমান দামত পোৱা যাব সেয়া স্থানীয় একাংশ সুৰাপায়ীৰ নখদৰ্পণত বুলিও স্থানীয় একাংশ মহলত আছে সৰস চৰ্চাও। অৱশ্যে মাজে সময়ে ধুবুৰীসহ জিলাখনৰ বিভিন্ন প্ৰান্তৰ একাংশ চুলাই আৰু অৱৈধ বিলাতী সুৰাৰ ঘাটিত আৱকাৰী বিভাগে অভিযান চলোৱা পোৱৈ যায়। কিন্তু সাময়িক ভাৱে কেইদিন মান বন্ধ ৰখাৰ পিছত অৱৈধ সেই সুৰাৰ ঘাটিবোৰত পুনৰ পুৰ্ণদ্যোমে ব্যৱসায় আৰম্ভ হয় বুলিও ৰাইজৰ মাজত বুবা আছে। ইয়াৰ মাজতে আকৌ, মাহিলী কমিচন নিদিয়া অবৈধ বিলাতী আৰু চুলাইৰ ঘাটি একাংশক হেঁচা প্ৰয়োগ কৰাৰ কৌশলৰূপেহে আৱকাৰী বিভাগৰ অবৈধ বিলাতী সুৰা বা চুলাই মদ বিৰোধী অভিযান চলে বুলিও কিন্তু সন্দেহ প্ৰকাশ কৰি অহা পোৱা গৈছে ভূৰখা মহল একাংশই। আনকি, সুসম্পৰ্ক থকা একাংশ অবৈধ চুলাই মালিক আৰু অৱৈধ ভাৱে বিলাতী সুৰা মজুদকাৰীক আৱকাৰী বিভাগৰ কোনো ভিতৰুৱা সূত্ৰই অভিযানৰ বাতৰি আগতীয়াকৈ অৱগত কৰাৰ বিষয়টোও ন্যুই কৰা নাই বহুতেই। পিছে ধুবুৰীসহ সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ এনে অৱৈধ সুৰাৰ ঘাটিসমূহৰ প্ৰতি নৱপ্ৰজন্মৰ একাংশও লাহে লাহে আকৰ্ষিত হৈ পৰিবলৈ লোৱাটো এক অশনি সংকেত বুলিয়েই বিবেচিত হৈছে । এনে প্ৰেক্ষাপটত ধুবুৰীসহ জিলাখনৰ বিভিন্ন প্ৰান্তৰ এনে অৱৈধ চুলাই আৰু পিলাতী সুৰাৰ অবৈধঘাটিসমূহ অনতিপলমে উচ্ছেদ কৰাৰ বাবে আৱকাৰী বিভাগে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা থকা বুলি উচ্চাৰিত হোৱা পোৱা গৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী