নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বন সজাগতা কৰ্মশালা

নিয়মীয়া বাৰ্তা, ১৫ মে : শোণিতপুৰৰ চাৰিদুৱাৰ অঞ্চলৰ অগ্ৰণী গুণগত শিক্ষানুষ্ঠান নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (পূৰ্বৰ চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়) আজি বন সজাগতা বিষয়ক এক কৰ্মশালা অনুষ্ঠিত হয়। চাৰিদুৱাৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আৰু নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটোত সঞ্চালনা কৰে বিদ্যালয়খনৰ অধ্যক্ষ ৰাজেশ দাসে। অনুষ্ঠানটোত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনবিষয়া দেৱাশীষ বুঢ়াগোহাঞিয়ে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰাকৃতিক ভাৰসাম্য অটুট ৰখাত প্ৰকৃতিৰ ভূমিকা, বন আৰু বন্য জীৱ-জন্তুৰ সংৰক্ষণ, গছপুলি ৰোপণ আৰু প্ৰতিপালন, গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াক হ্ৰাসকৰণৰ বাবে পৰ্যাপ্ত গছপুলি ৰোপণ কৰা, বনাঞ্চল সংৰক্ষণত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য, বন সুৰক্ষা আইন ইত্যাদি বিভিন্ন বিষয়ে অৱলোকন কৰে। বনবিষয়াগৰাকীয়ে লগতে পৰিৱেশৰ বহনক্ষমতা বিকাশত সমাজৰ অংশীদাৰ হিচাপে সকলোৰে সমানুপাতিক ভূমিকা আছে বুলি দোহাৰে । অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময়ো কৰা হয়। অনুষ্ঠানটোত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, বন সুৰক্ষা কৰ্মী উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল পি বৰা

You might also like