নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বালিভৰ্তি ট্ৰেক্টৰ জব্দ বন বিভাগৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ পশ্চিম কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মালঞ্চা গাঁৱৰ পাছফালে থকা জলজলী নদীৰ বুকুত অবৈধভাৱে বালি উঠাই থকা অৱস্থাত এখন ট্ৰেক্টৰ জব্দ কৰে বন বিভাগৰ লোকে। বনাঞ্চলিক বিষয়া শিৱাশীষ শাণ্ডিল্যৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে বালি ভৰাই থকা অৱস্থাত ট্ৰেক্টৰখন জব্দ কৰি নগৰবেৰাস্থিত বনাঞ্চলিক কাৰ্যালয়লৈ নিয়ে। আনহাতে বন বিভাগৰ দলটি দেখা মাত্ৰেই বালি খনন কৰি থকা লোককেইজনৰ লগতে বাহনখনৰ চালকজন পলাই যাবলৈ সক্ষম হয়। স্মৰ্তব্য যে বন বিভাগৰ চোকা দৃষ্টিৰ মাজতো একাংশ বালি ব্যৱসায়ীয়ে দীৰ্ঘদিনৰে পৰা মেধিপাৰা, মালঞ্চা আদি গাঁৱৰ নৈৰ ঘাটত অবৈধ বালি খনন অব্যাহত ৰাখিছে। বন বিভাগৰ এই পদক্ষেপক ৰাইজে শলাগিছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like