নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত ৰাষ্ট্রীয় ঘাইপথ সম্প্রসাৰণৰ নামত পুনৰ বনধ্বংস

📌 আগিয়াত হাজাৰ হাজাৰ গছ কাটি তহিলং
বার্তা ব্যুৰ’, ২৪ জুলাই : গোৱালপাৰাৰ আগিয়াত কালিৰ পৰা আকৌ পথ সম্প্রসাৰণৰ নামত শালগছ কটা আৰম্ভ কৰিছে বন বিভাগে৷ বাতৰিৰ প্রভাৱ, প্রকৃতিপ্রেমী আৰু ৰাইজৰ প্রতিবাদত মুখ্যমন্ত্রীৰ নির্দেশত বন বিভাগে বন্ধ কৰিছিল গছ কটা৷ অৰণ্য ভৱনৰ নির্দেশত গছ কটা বন্ধ কৰিছিল যদিও কালিৰ পৰা গোৱালপাৰা বনাঞ্চলিক বিষয়াৰ কার্যালয়ৰ অন্তর্গত আগিয়াত প্রকাণ্ড প্রকাণ্ড শালগছ কটা আৰম্ভ কৰিছে৷ আগিয়া–গুৱাহাটী ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষে থকা ৫০–৬০ বছৰীয়া প্রকাণ্ড প্রকাণ্ড শালগছ কটা আৰম্ভ কৰাত জাঙুৰ খাই উঠিছে প্রকৃতিপ্রেমী আৰু ৰাইজ৷ যি সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লাখ লাখ গছপুলি ৰোপণ কৰিবলৈ নির্দেশনা দিছে, সেই সময়তে গোৱালপাৰা জিলাত পথ সম্প্রসাৰণৰ নামত হাজাৰ হাজাৰ গছ কটা কার্য সহজভাৱে মানি ল’ব পৰা নাই প্রকৃতিপ্রেমী ৰাইজে ৷ উল্লেখ্য যে ১৭নং ৰাষ্ট্রীয় ঘাইপথ চাৰিলেনযুক্ত পথলৈ সম্প্রসাৰণৰ নামত গোৱালপাৰা জিলাৰ আগিয়া, কৃষ্ণাই আৰু ৰংজুলি বনাঞ্চলিক কার্যালয়ৰ অন্তর্গত লেলা আৰু শালপাৰা বৰঝাৰত ১৮ হাজাৰ গছ কাটিবলৈ বন বিভাগে পৰিকল্পনা কৰিছিল৷ ইতিমধ্যে প্রায় ৯ হাজাৰ গছ কাটিছে৷ কৃষ্ণাই বনাঞ্চলিক কার্যালয়ৰ অন্তর্গত বৰঝাৰত প্রায় আঠ হাজাৰ শালগছ, ৰংজুলি বনাঞ্চলিক কার্যালয়ৰ অন্তর্গত বনাঞ্চলতো প্রায় চাৰে আঠ হাজাৰ শালগছ আৰু গোৱালপাৰা বনাঞ্চলিক কার্যালয়ৰ অন্তর্গত এলেকাত ৪৪৪ ডাল গছ কাটিবলৈ বন বিভাগে সিদ্ধান্ত গ্রহণ কৰিছিল৷ কালি পুৱাৰে পৰা গোবালপাৰা জিলাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ আগিয়াৰ উলুপাৰাৰ পথৰ কাষত থকা গছসমূহ বন বিভাগে এফালৰ পৰা কাটি তহিলং কৰিছে৷ এই বনাঞ্চলসমূহ ধ্বংস কৰাৰ ফলত গোৱালপাৰা জিলাত হাতী–মানুহৰ সংঘাতে তীব্র ৰূপ ধাৰণ কৰাৰ শংকা প্রকাশ কৰিছে প্রকৃতিপ্রেমীসকলে ৷ সেয়ে এই গছ কটা বন্ধ কৰিবলৈ দাবী জনাইছে গোৱালপাৰাৰ প্রকৃতিপ্রেমী ননী দাস, পাৰভেজ আলী, ৰাকেশ চক্রৱর্তীকে আদি কৰি বহু লোকে ৷ ইয়াৰ পিছতো যদি গছ কটা বন্ধ নকৰে, তেন্তে পুনৰ তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্রকৃতিপ্রেমী লোকসকলে৷

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like