নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ বনজুইৰ গ্রাসত পৰিব অসম

  • ৰাজ্যৰ মুঠ মাটিকালিৰ ১৭ শতাংশ জাহ যাব জুইত
  • মৰিগাঁও–ডিমা হাছাও–কার্বি আংলঙত ছানি ধৰিব ভয়াৱহ বনজুয়ে
  • গ্ল’বেল ফৰেষ্ট ৰিছ’চ এছেছমেণ্টত সতর্কবাণী ৰাজ্যখনলৈ 

 

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ১৯৫০ চনৰ বৰভূঁহকঁপৰ পাছত বানৰ কৰাল গ্রাসত পৰিছিল অসম৷ বানমুক্ত অসমৰ সপোন এতিয়াও সুদূৰপৰাহত৷ বানৰ লগতে হোৱা গৰাখহনীয়াত বিগত সময়ত জাহ গৈছে ৰাজ্যখনৰ লাখ লাখ বিঘা ভূমি৷ বান–খহনীয়াৰ এই আগ্রাসনৰ মাজতে অদূৰ ভৱিষ্যতে জুহৰ আতংকই খেদি ফুৰিব অসমক৷ উদ্বেগজনক বিষয়টো হৈছে অনাগত দিনত জুহত জাহ যাব পাৰে অসমৰ মুঠ মাটিকালিৰ ১৭ শতাংশ এলেকা৷ অলপতে প্রকাশ পোৱা ‘হণ্ডিয়ান ফৰেষ্ট ৰিপ’ট’ত এহ ভয়ংকৰ হংগিত দিয়া হৈছে৷

উল্লেখ্য যে অসমৰ মুঠ মাটিকালিৰ ৩৪.২১ শতাংশ হৈছে বনাঞ্চল৷ প্রতিবেদনখনৰ ‘ফ’ৰেষ্ট এণ্ড ড্রী ৰিছ’র্চেছ হন ষ্টেটছ এণ্ড হউটি’ শীর্ষক অধ্যায়ত প্রকাশ পোৱা মতে, ৰাজ্যৰ ২৮,৩২৩ বর্গকিলোমিটাৰ বনাঞ্চলৰ ১৪,০৯১.৫৫ বর্গকিলোমিটাৰ এলেকাহ হৈছে জুহপ্রৱণ৷ অর্থাৎ মুঠ বনাঞ্চলৰ প্রায় ৫০ শতাংশহ বনজুহৰ কবলত পৰিব পাৰে৷ লক্ষণীয়ভাৱে জুহৰ প্রৱণতাৰ নিৰিখত কেইবাটাও শ্রেণীত ভাগ কৰা হৈছে অসমৰ বনাঞ্চলক৷ অত্যন্ত জুহপ্রৱণ(extrmely fire prone) বনাঞ্চলৰ শ্রেণীত পৰিছে অসমৰ ৩,১৬৬.১১ বর্গকিলোমিটাৰ এলেকা৷ অতিশয় উচ্চ জুহপ্রৱণ(very high fire prone) বনাঞ্চলৰ শ্রেণীত পৰিছে ৪,৮৭১.০৫ বর্গকিলোমিটাৰ৷ উচ্চ জুহপ্রৱণ(highly fire prone)ৰ বনাঞ্চল হিচাপে চিহ্ণিত হৈছে ৩,৪০০.৪৬ বর্গকিলোমিটাৰ বনাঞ্চল৷ আন ২,৬৫৩.৯৩ বর্গকিলোমিটাৰ বনাঞ্চলক চিহ্ণিত কৰা হৈছে পৰিমিত জুহপ্রৱণ(moderately fire prone) এলেকা হিচাপে৷

ৰাজ্যৰ ২৮,৩২৩ বর্গকিলমিটাৰ বনাঞ্চলৰ ১৪,০৯১.৫৫ বর্গকিলোমিটাৰ অর্থাৎ ৪৯.৭৫ শতাংশ এলেকাহ হৈছে যিকোনো ধৰণৰ জুহপ্রৱণ এলেকা৷ আনহাতে, প্রতিবেদনখনত প্রকাশ পোৱা মতে, বাকী থকা ১৪,২২০.৪৫ বর্গকিলোমিটাৰ বনাঞ্চলক অপেক্ষাকৃত কম জুহপ্রৱণ(less fire prone) এলেকা হিচাপে চিহ্ণিত কৰা হৈছে৷ লক্ষণীয়ভাৱে ৰাজ্যৰ মৰিগাঁও, ডিমা হাছাও আৰু কার্বি আংলং জিলাক অত্যন্ত জুহপ্রৱণ এলেকা হিচাপে প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷ বনজুহৰ সর্বাধিক বিৰূপ প্রভাৱ এহ তিনিখন জিলাত পৰিব বুলি আশংকা ব্যক্ত কৰা হৈছে৷ পৰিহাসৰ বিষয়টো হৈছে এহ জিলাবোৰতেহ শেহতীয়া ‘হণ্ডিয়ান ফৰেষ্ট ৰিপ’ট’ত বনাঞ্চল হ্রাস পোৱা বুলি উদ্বেগ ব্যক্ত কৰা হৈছে৷

লক্ষণীয়ভাৱে প্রতিবেদনখনত ২০২০ চনৰ ‘গ্ল’বেল ফৰেষ্ট ৰিছ’ছ এছেছমেণ্ট’ শীর্ষক গৱেষণা প্রতিবেদনৰ অৱতাৰণা কৰা হৈছে৷ কোৱা হৈছে সমগ্র বিশ্বৰ সৈতে সংগতি ৰাখি ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ বন্যভূমিতো জুহৰ প্রৱণতা বৃদ্ধি পাহছে৷ বৈজ্ঞানিক পৰিভাষাত হয়াক কোৱা হৈছে ডিফিকাল্ট ফায়াৰ ৱেডাৰ কণ্ডিচন’৷ যাৰ পৰিণতি জলবায়ুৰ পৰিৱর্তনত দেখা পোৱা গৈছে৷ জৈৱিক বৈচিত্র্যত অস্থিৰতা বিয়পিছে৷ আনকি মানুহৰ জীৱনৰ মান, জীৱন–জীৱিকাতো বিৰূপ প্রভাৱ পৰা পৰিলক্ষিত হৈছে৷ যাৰ বাবে এটা সময়ৰ ৰাষ্ট্রৰ অর্থনীতিও জোকাৰি যাব পাৰে বুলি ‘গ্ল’বেল ফৰেষ্ট ৰিছ’ছ এছেছমেণ্ট’ত সকীয়াহ দিয়া হৈছে৷ উল্লেখ্য যে প্রতিবছৰে বিশ্বৰ প্রায় ৯.৮ কোটি হেক্টৰৰ বনাঞ্চল জুহত জাহ যায়৷

You might also like