🔹 ৰিপু–চিৰাং সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ আক্রমণত বন বিষয়াসহ আহত ৪
নিয়মীয়া বার্তা, ১৯ জানুৱাৰী : চিৰাং জিলাৰ ভূটান সীমান্তৱর্তী ৰিপু–চিৰাং সংৰক্ষিত বনাঞ্চলত আজি পুনৰবাৰ বন মাফিয়াৰ আক্রমণৰ বলি হয় বনাঞ্চলিক বিষয়াসহ বন বিভাগৰে চাৰিজন বিষয়া–কর্মচাৰী৷ চিৰাং জিলা বন প্রাধিকাৰী ব্রহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ৰুণিখাতা বনাঞ্চলিক বিষয়া প্রাঞ্জল তালুকদাৰৰ নেতৃত্বত ৰিপু–চিৰাং সংৰক্ষিত বনাঞ্চলত বিভাগীয় দায়িত্ব পালনৰ বাবে যোৱা বন বিভাগৰ এটা দলৰ পূর্বে বেদখলমুক্ত এটা অঞ্চলত নতুনকৈ বেদখল কৰি ঘৰ সজা দৃষ্টিগোচৰ হয়৷ লগে লগে বন বিভাগৰ দলটোৱে অবৈধভাৱে নির্মাণ কৰা বাসগৃহ, দোকান ঘৰ আদি উচ্ছেদ কৰাৰ উদ্দেশ্যে অভিযান আৰম্ভ কৰে৷ সেই মুহূর্ততে বনভূমি বেদখল কৰা বন মাফিয়াৰ দলে অভিযানকাৰী দলটোৰ ওপৰত অতর্কিতে আক্রমণ চলায়৷ শিল, লাঠী আদিৰে আক্রমণ কৰাত বনাঞ্চলিক বিষয়া প্রাঞ্জল তালুকদাৰ গুৰুতৰভাৱে আহত হয়৷ তালুকদাৰৰ সৈতে অভিযানত অংশ লোৱা এজন বন বিষয়া আৰু বন সুৰক্ষা বাহিনীৰ দুজন কর্মচাৰীও আহত হয়৷ বন মাফিয়াৰ দলে বন বিষয়াৰ বলেৰো বাহনখনো ধ্বংস কৰে বুলি চিৰাং জিলা বন প্রাধিকাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আক্রমণকাৰীৰ কবলৰ পৰা কোনোমতে প্রাণৰক্ষা কৰি সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা বনাঞ্চলিক বিষয়া প্রাঞ্জল তালুকদাৰক ততাতৈয়াকৈ বঙাইগাঁওস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰা হয়৷ অন্য আহত তিনিজন ক্রমে দৈৱায়ন দেৱনাথ, জুবেৰ হুছেইন আৰু ৰিয়াজুল ইছলামৰো চিকিৎসালয়ত চিকিৎসা প্রদানৰ ব্যৱস্থা কৰা হয়৷ আক্রমণৰ সময়তে বন বিষয়া আৰু বন সুৰক্ষা বাহিনীৰ লোককেইজনে ব্যৱহাৰ কৰা ম’বাইল ফোনকেহটা নোহোৱা হৈ পৰা বুলিও বন প্রাধিকাৰী পাতিৰিয়ে জানিবলৈ দিয়ে৷ দক্ষ বন বিষয়া হিচাপে পৰিচিত বনাঞ্চলিক বিষয়াজন একাধিকবাৰ বন মাফিয়াৰ আক্রমণৰ বলি হোৱাৰ লগতে উক্ত স্থানতে নিজেও এবাৰ বন মাফিয়াৰ আক্রমণৰ লক্ষ্য হৈ পৰিছিল বুলি চিৰাং জিলা বন প্রাধিকাৰী ব্রহ্মানন্দ পাতিৰিয়ে জনায়৷ ইফালে, এই আক্রমণৰ খবৰ পোৱা মাত্রেই চিৰাং আৰক্ষীয়ে বন বিষয়া আৰু কর্মচাৰীসকলৰ সুৰক্ষাৰ ব্যৱস্থা গ্রহণ কৰে বুলিও বন প্রাধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ ৰাজনৈতিক অৰিয়াঅৰিৰ ফলতে চিৰাং জিলাৰ সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ দপদপনি বৃদ্ধি হোৱা বুলি বন বিভাগৰ সূত্রই প্রকাশ কৰিছে৷ ভূটান সীমান্তৱর্তী অঞ্চলৰ উত্তৰ দিশত প্রতিদিনে ন ন অঞ্চলত বন ধবংস কার্য অব্যাহত ৰাখিছে বুলি বনাঞ্চলিক বিষয়া প্রাঞ্জল তালুকদাৰে সংবাদ মাধ্যমৰ আগত কয়৷