বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ যোৰহাট জিলা সাহিত্য সভা ই প্ৰদান কৰি অহা জিলা খনৰ সৰ্ব্বোচ সন্মান “যোৰহাট ৰত্ন ২০২৪ বঁটা পদ্মশ্ৰী যাদৱ পায়েঙক তেওঁৰ বাসগৃহত প্ৰদান কৰা হয়।কেৱল অসম বা ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতে প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰি সমাদৰ লাভ কৰা অৰণ্য মানৱ মোলাই কাঠনি ৰ স্ৰষ্টা পদ্মশ্ৰী সন্মানেৰে বিভূষিত ,পায়েং ডাঙৰীয়াক এই বঁটা ২৭ -জানুৱাৰীত অনুষ্ঠিত হোৱা যোৰহাট জিলা সাহিত্য সভাৰ দ্বি- বাৰ্ষিক বাঁহফলা ধনখুলৈ অধিবেশনতে প্ৰদান কৰাৰ কথা আছিল যদি ও তেওঁৰ ব্যস্ততা পূৰ্ণ কাৰ্যসূচীৰ বাবে হঠাৎ দিল্লী লৈ যাব লগা হোৱাৰ বাবে উক্ত কাৰ্যসূচী স্থগিত ৰখা হৈছিল। উক্ত বটাঁটি যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকা ,উপঃসভাপতি মাধৱ মহন্তু ,সম্পাদক মিতালী শইকীয়াৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে তেওঁৰ বাসগৃহত অনুষ্ঠিত এক সভাত আনুষ্ঠানিক ভাৱে প্ৰদান কৰে।সভাখনত সভাপতিত্ব কৰে ,জিলা সভাৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাই।সম্পাদক মিতালী শইকীয়াই আঁত ধৰা সভাখনত উপঃসভাপতি মাধৱ মহন্ত বঁটা টোৰ সম্পৰ্কত বিস্তৃত ব্যাখা ডাঙি ধৰে।বঁটাত আছে, অংগবস্ত ,জাতীয় স্বাভিমান এখন গামোছা, ফুলাম জাপি, গ্ৰন্থৰ টোপোলা, আৰু সুদৃশ্য স্মাৰক। বঁটা গ্ৰহণ কৰি ,বঁটা প্ৰাপকে তেখেতৰ অনুভৱ ব্যক্ত কৰে ,দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কালত হোৱা অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে।জিলা সাহিত্য সভাৰ এনে নিদৰ্শনক ভূয়সী প্ৰশংসা কৰে।উল্লেখযোগ্য যে যোৰহাট জিলা সাহিত্য সভাই প্ৰৱৰ্তন কৰা জিলাৰ সৰ্বোচ সন্মান “যোৰহাট ৰত্ন ” ইতিমধ্যে যোৰহাটৰ ভালেকেইগৰাকী বৰন্য ব্যক্তিক প্ৰদান কৰি অহা হৈছে। দলটিত যোৰহাট সাহিত্যসভাৰ সম্পাদক উত্তম কুমাৰ হাজৰিকা ,উদ্দীপনা শাখা সাহিত্য সভাৰ সম্পাদক সমাজ কৰ্মী বিদ্যূভুষণ বৰা ,উত্তৰ পশ্চিম শাখা সাহিত্য সভাৰ সম্পাদক অশান্ত ৰাতুল দত্ত, নকছাৰী শাখা সাহিত্য সভাৰ সভাপতি কবি ৰঞ্জি গগৈ,জিলাৰ সদস্য জীনামণি গগৈ নেওগ, আৰেছা বেগম, দিপ্তী বুঢ়াগোহাঞি বৰুৱা ,ৰূপা নেওগ হাজৰিকা, চন্দ্ৰজিৎ বৰুৱা ,চন্দ্ৰধৰ বৰগোহাঞি, পাৰিজাত গোহাঞি, বেদশ্ৰুতি শইকীয়া আদি।
প্ৰেৰক ৰঞ্জিত ভূঞা