নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামেৰী ৰাষ্ট্ৰীয় উদ্যান মুকলি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰস্থিত জগতবিখ্যাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উদ্যানখন মুকলি কৰি সংবাদ মাধ্যমৰ আগত পাটোৱাৰীয়ে কয় যে নামেৰীৰ নৈসৰ্গিক সৌন্দৰ্যত মোহিত হৈছো। নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই-ৰূপাই অভয়াৰণ্য একত্ৰিতকৰণ কৰাৰ বাবে অনতিপলমে প্ৰকল্প লোৱা হ’ব। ইয়াৰ ফলত নামেৰীৰ থকা বাঘসমূহৰ বিচৰণস্থলীৰ পৰিসৰ বৃদ্ধি পাব। কাজিৰঙাৰ দৰে নামেৰীৰ আন্তঃগাঁথনিৰ অধিক উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বন বিভাগে নামেৰী, সোণাই ৰূপাই, ওৰাং ৰাষ্ট্ৰীয় উদ্যান সামৰি এক টুৰিষ্ট চাৰ্কিট তৈয়াৰ কৰাৰ চিন্তা-চৰ্চা কৰি আছে। আনহাতে বন বিভাগে বন্ধুত্ব প্ৰকল্পৰ যোগেদিও ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যসমূহৰ বিকাশৰ বাবে ব্যৱস্থা লোৱা হ’ব।” অনুষ্ঠানত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়া, ৰাইজ, বন বিষয়া, বনকৰ্মী উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like