অসমলৈ আপ আহিছে ডাউন হবঃ নগাঁৱত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুনৰীক্ষণ বৈঠক
বিশেষ বাৰ্তা ২২ এপ্ৰিল: অসমৰ বন,আবকাৰী,মীন আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আজি নগাঁৱত এখন পুনৰীক্ষণ বৈঠকত মিলিত হয়।নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুস্থিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে তেওঁৰ বিভাগৰ অধীনস্থ বন,মীন আৰু আবকাৰী বিভাগৰ কামকাজৰ পৰ্যালোচনা কৰাৰ লগতে কামৰ অগ্ৰগতিৰ বুজ লয়।মন্ত্ৰী গৰাকীয়ে তিনিওটা বিভাগৰ বিষয়া সকলক বিভাগীয় কাম কাজ সমূহ নিষ্ঠা সহকাৰে কৰিবলৈ নিৰ্দেশ দিয়ে। চৰকাৰৰ আঁচনিসমূহৰ সঠিক ৰূপায়নৰ ওপএৰতো গুৰুত্ব আৰোপ কৰে মন্ত্ৰী গৰাকীয়ে।ইপিনে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে বৰ্তমানৰ চৰকাৰৰ দিনত অসমত দ্ৰুত উন্নয়ন হৈছে। মূখ্যমন্ত্ৰী ড,হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সকলো জাতি – জনগোষ্ঠীৰ বিকাশৰ হকে কাম কৰি থকা হৈছে বনাঞ্চলৰ বেদখলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। বৈঠকত নগাঁও জিলা উপায়ুক্ত নিসৰ্গ হিবৰে, তিনিওটা বিভাগৰ বিষয়া সকলৰ লগতে জিলিকি প্ৰশাসনৰ উচ্চ বিষয়া সকল উপস্থিত থাকে।বৈঠকৰ আৰম্ভণি তে মন্ত্ৰী গৰাকীয়ে গছপুলি ৰোপণ কৰে।অসমত আপৰ জনপ্ৰিয়তা বৃদ্ধি সম্পৰ্কত সাংবাদিকূ সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে অসমলৈ আপ আহিছে ডাউন হব।
প্ৰেৰক কনক হাজৰিকা