বিশেষ বাৰ্তা, ২৩ এপ্ৰিলঃ গোলাঘাট আঞ্চলিক বন বিভাগৰ বিষয়াই ব্যৱসায়ীৰ পৰা ঘোচ লৈ আৰক্ষীৰ জালত পৰিল। ছৰিফুল ৰহমান নামৰ বন বিষয়াজনে চলে বলে বুদ্ধিৰে বিভিন্নজন ব্যৱসায়ীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি আহিছিল। যাৰ ফলত অতিষ্ঠ হৈ ব্যৱসায়ী সকলে ছৰিফুল ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গোলাঘাট আৰক্ষীক। এই এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে প্ৰথমে সোধপোচৰ বাবে আটক কৰে বন বিষয়াগৰাকীক আৰু আজি দিনৰ ভাগত গ্ৰেপ্তাৰ কৰে বন বিষয়াগৰাকীক। আনহাতে অভিযোগকাৰী ব্যৱসায়ীসকলে সংবাদ মাধ্যমৰ কাষ চাপিব বিচৰা নাই যদিও যোৱা নিশালৈকে এজন এজনকৈ ব্যৱসায়ীয়ে নিজৰ সাক্ষ্য প্ৰদান কৰে আৰক্ষীক। ব্যৱসায়ী সকলে Google pay ব্যৱহাৰ কৰি দিয়া পইচাৰ হিচাপ ইতিমধ্যে গোলাঘাট আৰক্ষীৰ হাতত অৰ্পন কৰিছে বুলি জানিব পৰা গৈছে। ইপিনে গোলাঘাটত ব্যৱসায়ীৰ পৰা বিভিন্ন অজুহাতত ধন সংগ্ৰহত নাম উচ্ছাৰিত হৈছে কেইবাজনো বন বিষয়াৰ বিৰুদ্ধেও। অভিযোগ অনুসৰি গোলাঘাট বনাঞ্চলিক বিষয়া লক্ষেশ্বৰ দাসৰ সেউজ সংকেততে ছৰিফুল ৰহমানে নিৰ্বিবাদে ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল।ছৰিফুলৰ দ্বাৰা সংগৃহীত ধন উচ্চ পদস্থ বন বিষয়াই লাভ কৰাৰো অভিযোগ উঠিছে। উল্লেখ্য যে গোলাঘাটত দীৰ্ঘদিন ধৰি শিল,বালি,কাঠ আদিক লৈ বন বিভাগৰ এচাম ধূৰন্ধৰ বিষয়াই কোৰোণাৰে ধন চপাই অহাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক লৈ গোলাঘাট জিলা বীৰ লাচিত সেনাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে যিসকল বন বিষয়া ঘোচ লোৱা বৃত্তিৰ লগত জড়িত হৈ পৰিছে, তেওঁলোককো বিহীত ব্যৱস্থা গ্ৰহণ কৰক আৰু যি সকলে ঘোচ দিছে তেওঁলোককো আইনৰ আওতালৈ আনিবলৈ দাবী উত্থাপন কৰে। এতিয়া গোলাঘাট আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে সকলো দিশ পোহৰলৈ আহিব।
প্ৰেৰক দিগন্ত কুমাৰ বৰা