নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফৰকাটিং মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট : গোলাঘাট জিলাৰ অন্যতম একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ফৰকাটিং মহাবিদ্যালয়ৰ (স্বায়ত্ত পৰিষদ)  কালি  জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত  নৱাগত আদৰণী সভা অনুষ্ঠিত হয়। নৱাগত আদৰণী সভাৰ লগত সংগতি এখন সভা অনুষ্ঠিত কৰে। সভাৰ আৰম্ভণিতে সমৱেত সংগীত পৰিৱেশন কৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। সভাত সভাপত্বিত কৰে ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অপূৰ্ব শইকীয়াই। সভাৰ আদৰণী ভাষণ প্ৰদান কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে। সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি নৱাগত তথা পুৰণি ছাত্ৰ-ছাত্ৰীক শৈক্ষিক জীৱনটো কেনেদৰে আগুৱাই নিলে নিজৰ লগতে সমাজৰ উন্নতি হ’ব সেই সন্দৰ্ভত মনোজ্ঞ ভাষণ প্ৰদান কৰে যোৰহাটৰ শিক্ষাবিদ সোধেশ্বৰ বৰা, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক শুভাশিস শৰ্মা আৰু গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইংৰাজী বিভাগৰ অধ্যাপক হেমকান্ত ফুকনে। উক্ত সভাতেই মহাবিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ  হোৱা  কিৰণ গগৈক অন্নদা বৰা সোঁৱৰণী স্মাৰক বঁটা আৰু নগদ ধনেৰে সম্বৰ্ধনা জনায়। তদুপৰি মহাবিদ্যালয়খনিলৈ গৌৰৱ কঢ়িয়াই অনা সদ্যঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত ৰাজনীতি বিজ্ঞান বিষয়ত  চি জি পি এ ৮.৫৫সহ পঞ্চম স্থান লাভ কৰা প্ৰস্তুতি শইকীয়া, শিক্ষাতত্ত্ব বিষয়ত চি জি পি এ ৭.৮৬সহ দশম স্থান লাভ কৰা মৌচুমী গগৈ আৰু বুৰঞ্জী বিষয়ত চি জি পি এ  ৭. ৮৬সহ অষ্টম স্থানপ্ৰাপ্ত গৌৰী শংকৰক নগদ ধনেৰে সম্বৰ্ধনা জনায়।  শেষত তিতাবৰৰ উদীয়মান কণ্ঠশিল্পী  বিষ্ণুজ্যোতি কোঁৱৰৰ গীত শৰায়ে সকলোকে আপ্লুত কৰে। অনুষ্ঠানটিত ভালেসংখ্যক লোক, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

প্ৰেৰক পৰাগ বৰুৱা

You might also like