🔹 কঠোৰ পদক্ষেপ গ্রহণ উচ্চতম ন্যায়ালয়ৰ
নিউজ ডেস্ক, ২৫ মার্চ : দেশজুৰি শৈক্ষিক প্রতিষ্ঠানত যৌন নির্যাতন, ৰেগিং আৰু বৈষম্যৰ ঘটনা বৃদ্ধি পোৱাক লৈ উদ্বিগ্ণতা প্রকাশ উচ্চতম ন্যায়ালয়ৰ৷ শৈক্ষিক প্রতিষ্ঠানত শিক্ষার্থীৰ নিৰাপত্তা নিশ্চিতকৰণৰ লগতে টাস্ক ফ’ৰ্চ গঠন কৰিলে উচ্চতম ন্যায়ালয়ে৷ তদুপৰি শৈক্ষিক প্রতিষ্ঠানসমূহত শিক্ষার্থীৰ আ*ত্মহত্যাৰ ঘটনা বৃদ্ধিক লৈও উদ্বিগ্ন সর্বোচ্চ ন্যায়ালয়৷ ন্যায়াধীশ জে বি পর্ডিৱালা আৰু আৰ মহাদেৱনৰ বিচাৰপীঠে শৈক্ষিক প্রতিষ্ঠানসমূহত শিক্ষার্থীৰ নিৰাপত্তা নিশ্চিতকৰণৰ বাবে অৱসৰপ্রাপ্ত ন্যায়াধীশ এছ ৰবীন্দ্র ভাটৰ নেতৃত্বত টাস্ক ফ’ৰ্চ গঠন কৰি দিছে৷ এই টাস্ক ফ’র্চে বিগত দুমাহত দেশজুৰি শৈক্ষিক প্রতিষ্ঠানত সংঘটিত যৌন নির্যাতন, ৰেগিং আৰু বৈষম্যৰ ঘটনাৰ প্রতিবেদন দাখিল কৰিব লাগিব৷ এই প্রতিবেদনৰ আধাৰতেই দেশজুৰি শৈক্ষিক প্রতিষ্ঠানৰ ভৱিষ্যৎ কার্যপন্থা সন্দর্ভত ব্যৱস্থা গ্রহণৰ লক্ষ্য লোৱা হৈছে৷ উল্লেখ্য যে দিল্লী আইআইটিত অধ্যয়নৰত দুই শিক্ষার্থীৰ ২০২৩ চনত মৃত্যু হৈছিল৷ আৰক্ষীয়ে এই দুই শিক্ষার্থীৰ আ*ত্মহত্যা বুলি তদন্ত আৰম্ভ কৰিছিল৷ কিন্তু হঠাতে এই তদন্ত বন্ধ কৰা হৈছিল বুলি দুই শিক্ষার্থীৰ পৰিয়ালে অভিযোগ দাখিল কৰে৷ সেই অভিযোগৰ ভিত্তিতেই উচ্চতম ন্যায়ালয়ে কালি শুনানি গ্রহণ কৰি এই ব্যৱস্থা লোৱা হৈছে৷