নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কুড়মি ছাত্ৰ সন্থা গঠন

নিয়মীয়া বাৰ্তা, ১৭ জুন : চাহ জনগোষ্ঠীৰ কুড়মি জনজাতিৰ যুৱক-যুৱতীসকলক লৈ গোলাঘাট জিলাৰ বাদুলীপাৰ ৰংগমঞ্চত অসম কুড়মি ছাত্ৰ সন্থাৰ ৰাজ্যিক সমিতি ১৬ জুনত গঠন কৰা হয়। উল্লেখ্য যে কুড়মি লোকসকলৰ কুড়মালি ভাষা, লোক-সংস্কৃতি, সাজপাৰ আদি সুৰক্ষিত কৰাৰ লগতে জাতিটোৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি এই সবল সমিতিখন গঠন কৰা হয়। কালি পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভাত সভাপতিত্ব কৰে আদিত্য ৰঞ্জন কুড়মিয়ে। সভাৰ আঁত ধৰে বিটুল কুড়মিয়ে। উক্ত সভাত পৰ্যবেক্ষক ৰূপে উপস্থিত থাকি অসম কুড়মালি সাহিত্য সভাৰ সভাপতি লোকনাথ কুড়মিয়ে কুড়মি জনজাতিৰ ভাষা-সংস্কৃতিৰ বিষয়ে আলোচনা কৰি কয় যে কুড়মালি ভাষাটো বহু পুৰণি ভাষা, এই কুড়মালি ভাষা কুড়মি জনজাতিৰ মাতৃভাষা । ইয়াক সুৰক্ষিত কৰাৰ দায়িত্ব আমি গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰে। সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি অসম কুড়মালি সাহিত্য সভাৰ প্ৰধান সম্পাদক সুৰেশ কুড়মিয়ে অসম কুড়মি ছাত্ৰ সন্থা গঠন কৰা আৰু জাতিটোক নেতৃত্ব দিয়া, স্বজাতিৰ বিভিন্ন সংগঠনৰ ওপৰত আক্ষেপ কৰি ব্যক্তব্য প্ৰদান কৰি কয় যে জাতিটোৰ ভাষা-সংস্কৃতি নিঃশেষ হ’বলৈ গৈ আছে । সেয়েহে অসমৰ কুড়মিসকল ভাৰতৰ আদিম জনজাতি কুড়মিসকলৰ বংশধৰ । তেওঁলোক প্ৰকৃততে গোষ্ঠীধাৰী কুড়মিহে, কুৰ্মি /কুৰ্মী গোত্ৰধাৰী নহয় । ভুলক্ৰমে অসমৰ কুড়মিসকল নিজকে কুৰ্মি/কুৰ্মী বুলি পৰিচয় দি আহিছে। সভাত সহস্ৰাধিক লোকৰ উপস্থিতিত নৱনিৰ্বাচিত সভাপতি প্ৰকাশ কুড়মি আৰু সাধাৰণ সম্পাদক বিতুল কুড়মিক লৈ ৩১ জনীয়া অসম কুড়মি ছাত্ৰ সন্থাৰ ৰাজ্যিক সমিতি গঠন কৰা হয়। সভাত ভাস্কৰ কুড়মি, বিকি কুড়মি, গৌতম কুড়মি, বিতুল কুড়মি, কৃষ্ণ কুড়মি, দেৱ কুড়মিকে আদি কৰি অসমৰ মুঠ ১৫খন জিলাৰ শিক্ষিত যুৱক-যুৱতী উপস্থিত থাকি মন্তব্য আগবঢ়ায়।

প্ৰেৰক নবীন গোহাঁই

You might also like