নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থী নাই : লাহৰীঘাটত বিদ্যালয় পৰিচালনা সমিতি গঠনত আজব ফৰ্মূলা

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : যি সময়ত শিক্ষা বিভাগে ৩০জন ছাত্ৰ-ছাত্ৰীৰ কম থকা বিদ্যালয়সমূহ বন্ধ কৰাৰ প্ৰক্ৰিয়া চলাই থকাৰ সময়তে মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পোহৰলৈ এখন আজৱ বিদ্যালয়। বিদ্যালয়খনৰ নাম পশ্চিম মহামাৰী প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনত মুঠ ছাত্ৰ ছাত্ৰী ১০জন। মুঠ শিক্ষক ৩গৰাকী। ৩গৰাকী শিক্ষকৰ বিপৰীতে ছাত্ৰ-ছাত্ৰী ১০জন। ৫টা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী ১০গৰাকী। প্ৰধান শিক্ষকে জনোৱা মতে গুণোৎসৱৰ সময়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৪৩জন আছিল যদিও কমি কমি বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা ১০জনলৈ আহিল। ইফালে বিদ্যালয়খনত অভিভাৱকৰ সংখ্যা ৮গৰাকী। আজি বিদ্যালয় পৰিচালনা সমিতি গঠনৰ বাবে অনুষ্ঠিত হয় সাধাৰণ সভা। বিদ্যালয় পৰিচালনা সমিতি গঠনত লাগিল অথন্তৰ। কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত নকৰি সাধাৰণ আহ্বান কৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰাত পৰ্যবেক্ষক তথা চি আৰ চি চিয়ে সভা ভংগ কৰে। অহা ১৭ অক্টোবৰত পুনৰ সাধাৰণ সভাৰ তাৰিখ ঘোষণা কৰা হয়। কিন্তু বিদ্যালয়খনত কেনেকৈ গঠন কৰা হব পৰিচালনা সমিতি। কিয়নো পৰিচালনা সমিতি গঠনত অভিভাৱক সদস্য লাগে ১২ গৰাকী। আন ৫গৰাকী পদেন সদস্য। কিন্তু বিদ্যালয়খনত অভিভাৱকৰ সংখ্যা ৮গৰাকী। কেনেকৈ গঠন কৰিব পৰিচালনা সমিতি। আনহাতে বিদ্যালয় পৰিচালনা সমিতি গঠনৰ আজৱ ফৰ্মূলা দিলে পৰ্যবেক্ষক তথা চি আৰ চি চিয়ে। যিহেতু বিদ্যালয়খনত অভিভাৱকৰ সংখ্যা ৮গৰাকী গতিকে পিতৃ মাতৃ দুয়ো জন পৰিচালনা সমিতিত অন্তৰ্ভূক্ত কৰি সমিতি গঠন কৰিব লাগিব। তথাপিও বন্ধ নহয় ১০ জন ছাত্ৰ ছাত্ৰীৰে চলি থকা বিদ্যালয় খন। আনহাতে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধেও উঠিছে দুৰ্নীতিৰ অভিযোগ। এইদৰে লাহৰীঘাট শিক্ষা খণ্ডত চলিছে চৰকাৰী বিদ্যালয়। এতিয়া প্ৰশ্ন হয় ১০গৰাকী ছাত্ৰ ছাত্ৰীৰে চলি থকা বিদ্যালয়খনত বছৰি চৰকাৰে লাখ লাখ টকা খৰচ কৰাটো কিমান সমীচিন?

প্ৰেৰক আবুল কালাম

You might also like