নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত টিহুৰ প্ৰাক্তন আছু কৰ্মী

নিময়ীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত হৈ বিগত এমাহে শয্যাগত হৈ আছে টিহুৰ মেধিপাৰা নিৱাসী প্ৰাক্তন আছু কৰ্মী তথা স্হানীয় সাংবাদিক ধনঞ্জয় বৰপূজাৰী। শৰীৰৰ এটা অংশ অচেতন হৈ পৰাত এখন চকীত বহি পাৰ কৰিছে যন্ত্ৰনাকাতৰ সময়। প্ৰয়োজনীয় ধনৰ অভাৱত উন্নত চিকিৎসা অবিহনে নিজ গৃহতে ভগ্ন দেহাৰে পাৰ কৰিছে সময়। অসম আন্দোলনৰ পৰাই আছুৰ সৈতে একাত্মভাৱে জৰিয়ত এই গৰাকী প্ৰাক্তন আছু কৰ্মীয়ে টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি /সম্পাদকৰ পৰা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতিলৈকে এসময়ত আছুক নেতৃত্ব প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত ভালেমান সামাজিক-স্বেচ্ছাসেৱী সংগঠনৰ লগত জৰিত হৈ এগৰাকী সমাজ সংগঠক হিচাপে ওৰেজীৱন অহোপুৰুষাৰ্থ কৰা এইগৰাকী সমাজচেতন ব্যক্তিক এতিয়া প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ। মুখ্যমন্ত্ৰী, চৰকাৰ শুভকাংক্ষীলৈ কাতৰ আহ্বান তেওঁৰ মোৰ ল’ৰা দুটাৰ কথা ভাবি মোক বচাওক। এইগৰাকী অক্লান্ত সমাজহিতৈষীক সহায় কৰিবলৈ তেওঁৰ যোগাযোগ নম্বৰঃ 9706537208 আৰু SBI’ৰ টিহু শাখাত থকা একাউণ্ট নম্বৰঃ 30724857969 (IFSC Code-11609)

প্ৰেৰক গুণজিত কলিতা

You might also like