2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন সেনা জোৱান অমিয় কুমাৰ সিংহৰ আকস্মিক বিয়োগ

🔹 আত্মীয়, অঞ্চলবাসী ৰাইজ, প্ৰাক্তন সেনা জোৱানৰ উপস্থিতিত শেষকৃত্য সম্পন্ন

বিশেষ বাৰ্তা, ৮ জুন : বাসুগাঁও ৰাজাচাৰাং নিৱাসী অৱসৰপ্ৰাপ্ত সেনা জোৱান অমিয় কুমাৰ সিংহ আকস্মিকভাৱে ৬৪ বছৰ বয়সত মৃত্যুমুখত পৰে ।‌ পৰিয়ালৰ সদস্যৰ পৰা জানিব পৰা মতে, চাৰি দিন আগতে পেটৰ বিষ অনুভৱ কৰে সিংহই । উত্তৰ গুৱাহাটী জি এন আৰ চি নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয় যদিও তাতে চিকিৎসকে নানা পৰীক্ষা-নিৰীক্ষা কৰি গল্ডব্লাডাৰত সৰু টেমুনা হোৱা বুলি উল্লেখ কৰি ভয়ৰ কোনো কাৰণ নাই কয় চিকিৎসকে । ঔষধ-পাতিৰে সৈতে নিজ ঘৰলৈ উভতি আহি থাকোঁতে পথতে উশাহ-নিশাহ বন্ধ হয় সিংহৰ। যাৰ বাবে বঙাইগাঁও চাপাগুৰিস্থ চেণ্ট আগস্থিন হস্পিটেলত চিকিৎসকক দেখুওৱাত মৃত্যুমুখত পৰা বুলি নিশ্চিত হয় পৰিয়ালৰ লোক । মৃতদেহ নিজ ঘৰলৈ ওভতাই আনোতে সন্ধিয়া হয় বাবে দূৰ-দূৰণিৰ আত্মীয়-কুটুম্ব আহি নোপোৱাত পিছদিনা অৰ্থাৎ আজি পুৱা বাসুগাঁওস্থ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় । মৃতকৰ পৰিয়াল, আত্মীয়-কুটুম্ব, অঞ্চলবাসী ৰাইজ, প্ৰাক্তন সেনা জোৱানৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয় সিংহৰ । মৃত্যুৰ সময়ত অৱসৰপ্ৰাপ্ত সেনা জোৱানজনে বৃদ্ধা‌ মাতৃ, পত্নী, পুত্ৰ, বোৱাৰী, কন্যা, নাতিৰ উপৰি তিনিজন ভাই, চাৰিজন জ্য়েষ্ঠ ভগ্নীসহ বহুতো আত্মীয়-কুটুম্ব আৰু গুণমুগ্ধক এৰি যায় । তেওঁৰ মৃত্যুত বাসুগাঁও-কালীপুখুৰী অঞ্চলত শোকৰ ছাঁ পৰে ।
You might also like